অসম

assam

By

Published : Oct 22, 2020, 9:45 AM IST

ETV Bharat / bharat

প্ৰতিৰক্ষা ব্যৱস্থাপনা মহাবিদ্যালয় আৰু বাইছন ডিভিজন পৰিদৰ্শন সেনাপ্ৰধানৰ

বুধবাৰে প্ৰতিৰক্ষা ব্যৱস্থাপনা মহাবিদ্যালয় আৰু বাইছন ডিভিজন পৰিদৰ্শন কৰে স্থলসেনা প্ৰধান জেন. মনোজ মুকুন্দ নাৰাৱানে ৷

প্ৰতিৰক্ষা ব্যৱস্থাপনা মহাবিদ্যালয় আৰু বাইছন ডিভিজন পৰিদৰ্শন সেনাপ্ৰধানৰ
প্ৰতিৰক্ষা ব্যৱস্থাপনা মহাবিদ্যালয় আৰু বাইছন ডিভিজন পৰিদৰ্শন সেনাপ্ৰধানৰ

নিউজ ডেস্ক, 22 অক্টোবৰ :ছেকেন্দ্ৰাবাদস্থিত প্ৰতিৰক্ষা ব্য়ৱস্থাপনা মহাবিদ্যালয় আৰু বাইছন ডিভিজনত উপস্থিত হয় স্থলসেনা প্ৰধান জেন. মনোজ মুকুন্দ নাৰাৱানে ৷ বুধবাৰে সেনাৰ এটি উচ্চ-পৰ্যায়ৰ বিষয়াৰ দলৰ সৈতে হায়দৰাবাদত উপস্থিত হয় স্থলসেনাধ্যক্ষগৰাকী ৷ সেনাৰ সৰ্বাধিক প্ৰয়োগ আৰু ভূ-সামৰিক দিশত ৰাষ্ট্ৰীয় সুৰক্ষাক লৈ বিভিন্ন আলোচনাত মিলিত হয় স্থলসেনাধ্যক্ষগৰাকী ৷

প্ৰতিৰক্ষা ব্যৱস্থাপনা মহাবিদ্যালয়ত স্থলসেনাধ্যক্ষগৰাকীয়ে সেনাৰ সংশোধন, থিয়েটাৰ কামাণ্ড আৰু আধুনিকীকৰণৰ ওপৰত আলোকপাত কৰে ৷ প্ৰতিষ্ঠানখনত উপস্থিত হৈ চীফ অৱ ডিফেন্স ষ্টাফ আৰু সামৰিক পৰিক্ৰমা বিভাগ গঠন কৰাটো দেশৰ সামৰিক আধুনিকীকৰণৰ এক মাইলৰ খুঁটি বুলি উল্লেখ কৰে স্থলসেনাধ্যক্ষ জেন. মনোজ মুকুন্দ নাৰাৱানে ৷

সেনাৰ তিনিওটা অংগৰ সংহতিৰ বাবে সুসংহত থিয়েটাৰ কামাণ্ড গঠন কৰি তিনিওটা সেনাৰ সন্মিলিত কাৰ্য্যনীতি আৰু সামৰিক গতি-বিধি নিয়ন্ত্ৰণ তথা পৰিচালনা কৰাটো দেশৰ সামৰিক সংস্কাৰৰ এক গাঁথনিগত অংগ বুলি কয় স্থল সেনাধ্যক্ষগৰাকীয়ে ৷

প্ৰতিৰক্ষা ব্যৱস্থাপনা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে জেন. নাৰাৱানে সেনাধ্যক্ষৰ দ্বাৰা স্বাক্ষৰিত এক স্তৱকো মুকলি কৰে ৷ সমান্তৰালকৈ হায়দৰাবাদস্থিত বাইছন ডিভিজনত উপস্থিত হয় সেনাধ্যক্ষগৰাকী ৷ কোভিড-19ৰ লগতে হায়দৰাবাদৰ শেহতীয়া বান-পৰিস্থিতি আৰু প্ৰতিটো সময়তে সাজু হৈ থকা ডিভিজনৰ বিষয়া-জোৱানসকলৰ শলাগ লয় স্থল সেনাধ্যক্ষগৰাকীয়ে ৷

ইয়াৰ উপৰিও জেন. নাৰাৱানে ছেকেন্দ্ৰাবাদস্থিত স্থলসেনাৰ চিমুলেটৰ ডেভেলপমেন্ট ডিভিজন আৰু হায়দৰাবাদস্থিত টাটা বয়িং এৰ'স্পেছ লিমিটেডো ভ্ৰমণ কৰে ৷ আমেৰিকাৰ বয়িং কোম্পানী আৰু ভাৰত টাটা কোম্পানীৰ যুটীয়া সহযোগত আপাচি হেলিকপ্টাৰ নিৰ্মাণ উদ্য়োগটোত উপস্থিত হৈ "মেক ইন ইণ্ডিয়া"ৰ দ্বাৰা স্বদেশী আৰু আত্মনিৰ্ভৰ ভাৰত নীতিৰো বুজ লয় স্থল সেনাধ্যক্ষগৰাকীয়ে ৷

লগতে পঢ়ক :ভাৰত-চীন সীমান্তত যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু আইটিবিপি

ABOUT THE AUTHOR

...view details