অসম

assam

ETV Bharat / bharat

ছিন্দোৱাৰা : ইয়াতেই বাপুৱে ভেটি স্থাপন কৰিছিল অসহযোগ আন্দোলনৰ - গান্ধীজীৰ শিক্ষা

1914 চনত দক্ষিণ আফ্ৰিকাৰ পৰা ঘূৰি অহাৰ পাচত গান্ধীজীক ৰাজনৈতিক পৰামৰ্শদাতা গোপাল কৃষ্ণ গোখলেয়ে দেশ ভ্ৰমণ কৰাৰ পৰামৰ্শ দিয়ে ৷ ইয়াৰ পাচত 1920 চনত প্ৰথম বাৰৰ বাবে গান্ধীজীয়ে নাগপুৰত কংগ্ৰেছৰ জাতীয় সন্মিলনত যোগ দিয়ে আৰু তেখেতৰ অসহযোগ আন্দোলনক গৃহীত কৰাৰ বাবে অনুৰোধ জনায় ৷ অসহযোগ আন্দোলনৰ প্ৰস্তাৱটো নাগপুৰ কংগ্ৰেছ অধিৱেশনত গৃহীত কৰা হয় ৷ ইয়াৰ পাচত 1921 চনৰ জানুৱাৰী মাহত গান্ধীজীয়ে ছিন্দোৱাৰা ভ্ৰমণ কৰে ৷ চিত্ৰনাভিচ গঞ্জত এখন বৈঠকত অসহযোগ আন্দোলনৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ ঘোষণা কৰে গান্ধীজীয়ে ৷

ইয়াতেই বাপুৱে ভেটি স্থাপন কৰিছিল অসহযোগ আন্দোলনৰ

By

Published : Aug 31, 2019, 8:29 AM IST

গান্ধীজীৰ শিক্ষাই তেখেতৰ মহত্ব বৰ্ণনা কৰে আৰু স্বাধীনতা আন্দোলনৰ সময়চোৱাত তেখেতে ভ্ৰমণ কৰা ঠাইসমূহ আজিও জাতীয় ঐতিহ্য হিচাপে পৰিগণিত হৈ আহিছে ৷ ইতিহাসৰ পৃষ্ঠা লুটিয়াই চালে আমি দেখা পাওঁ যে, গান্ধীজীয়ে 10 বাৰ মধ্যপ্ৰদেশ ভ্ৰমণ কৰিছিল ৷ 1921 চনৰ জানুৱাৰী মাহত তৃতীয় ভ্ৰমণ কালত ছিন্দোৱাৰাত বাপুজীয়ে অসহযোগ আন্দোলনৰ ভেটি স্থাপন কৰিছিল ৷

ছিন্দোৱাৰা : ইয়াতেই বাপুৱে ভেটি স্থাপন কৰিছিল অসহযোগ আন্দোলনৰ

1914 চনত দক্ষিণ আফ্ৰিকাৰ পৰা ঘূৰি অহাৰ পাচত গান্ধীজীক ৰাজনৈতিক পৰামৰ্শদাতা গোপাল কৃষ্ণ গোখলেয়ে দেশ ভ্ৰমণ কৰাৰ পৰামৰ্শ দিয়ে ৷ ইয়াৰ পাচত 1920 চনত প্ৰথম বাৰৰ বাবে গান্ধীজীয়ে নাগপুৰত কংগ্ৰেছৰ জাতীয় সন্মিলনত যোগ দিয়ে আৰু তেখেতৰ অসহযোগ আন্দোলনক গৃহীত কৰাৰ বাবে অনুৰোধ জনায় ৷

অসহযোগ আন্দোলনৰ প্ৰস্তাৱটো নাগপুৰ কংগ্ৰেছ অধিৱেশনত গৃহীত কৰা হয় ৷ ইয়াৰ পাচত 1921 চনৰ জানুৱাৰী মাহত গান্ধীজীয়ে ছিন্দোৱাৰা ভ্ৰমণ কৰে ৷ চিত্ৰনাভিচ গঞ্জত এখন বৈঠকত অসহযোগ আন্দোলনৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ ঘোষণা কৰে গান্ধীজীয়ে ৷

মহাত্মা গান্ধীৰ আত্মত্যাগৰ কথা আজিও দেশৰ জনসাধাৰণে স্মৰণ কৰে ৷ মধ্য প্ৰদেশত বাপুৰ বহু স্মৃতি জড়িত হৈ আছে ৷ এই স্মৃতি সমূহ সজীৱ কৰি ৰখাৰ বাবে মধ্য প্ৰদেশৰ বহু গাঁও আৰু চহৰৰ নামকৰণ গান্ধীজীৰ নামেৰে কৰা হয় ৷

ABOUT THE AUTHOR

...view details