অসম

assam

ETV Bharat / bharat

গৰ্ভৱতী মহিলাৰ বাবে পৃথক কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপন - কোভিড ১৯

ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ নিৰ্দেশত গৰ্ভৱতী মহিলা, শিশু আৰু জ্যেষ্ঠ লোকসকলৰ বাবে পৃথক কোৱাৰেণ্টাইন চেণ্টাৰৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ভিতৰত বিলাশপুৰ জিলাৰ কেচলা গাঁওত গৰ্ভৱতী মহিলাৰ বাবে প্ৰথমটো কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপন কৰা হৈছে।

quarantine centre
Chhattisgarh gets first quarantine centre for pregannt women

By

Published : Jun 9, 2020, 2:11 PM IST

নিউজ ডেস্ক, ৮ জুনঃ ছত্তিশগড়ৰ বিলাশপুৰত গৰ্ভৱতী মহিলাৰ বাবে স্থাপন কৰা হৈছে এটা বিশেষ কোৱাৰেণ্টাইন চেণ্টাৰ। কোভিড ১৯ ৰ সংক্ৰমনৰ পৰা বাচি থাকিবলৈ গৰ্ভৱতী মহিলাসকলৰ বাবে পৃথক পৃথককৈ নিৰ্মান কৰিছে কোৱাৰেণ্টাইন চেণ্টাৰ।

ৰায়পুৰৰ পৰা ১২০ কিলোমিটাৰ দূৰত্বত এটা কমিউনিটি হেলথ চেণ্টাৰত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে । সম্প্ৰতি এই কোৱাৰেণ্টাইন চেণ্টাৰটোত মুঠ ৮ গৰাকী গৰ্ভৱতী মহিলা আছে । লকডাউনৰ সময়ত বহিঃৰাজ্যৰ পৰা ৰাজ্যলৈ উভতি অহা গৰ্ভৱতী মহিলাসকলক এনেদৰে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে চৰকাৰে । ৰাজ্যখনৰ জনসংযোগ বিভাগৰ এক সূত্ৰই এই কথা জানিবলৈ দিয়ে ।

ছত্তিশগড়ত গৰ্ভৱতী মহিলাৰ বাবে পৃথক কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপন

মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ নিৰ্দেশত গৰ্ভৱতী মহিলা, শিশু আৰু জ্যেষ্ঠ লোকসকলৰ বাবে এই পৃথক কোৱাৰেণ্টাইন চেণ্টাৰৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ ভিতৰত বিলাশপুৰ জিলাৰ কেচলা গাঁওত গৰ্ভৱতী মহিলাৰ বাবে প্ৰথমটো কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপন কৰা গৈছে ।

এই কোৱাৰেণ্টাইন চেণ্টাৰসমূহত পুষ্টিকৰ খাদ্য, থাৰ্মেল স্ক্ৰীণিঙৰ সুবিধা আদিকে ধৰি সকলো ব্যৱস্থা কৰা হৈছে । কোৱাৰেণ্টাইন চেণ্টাৰসমূহ প্ৰতিদিনে তিনিবাৰলৈ চাফা কৰাৰ লগতে ২৪ ঘণ্টাই কেন্দ্ৰসমূহত উপস্থিত থাকে চিকিৎসা কৰ্মী।

উল্লেখ্য যে, শনিবাৰলৈকে ৰাজ্যখনৰ ১৯,৭৩২ টা কোৱাৰেণ্টাইন চেণ্টাৰত মুঠ ২,৩১,৫৩৬ গৰাকী লোকক কোৱাৰেণ্টাইন কৰা হৈছে। এই লোকসকলৰ ভিতৰত অধিকাংশই প্ৰব্ৰজানকাৰী । লগতে, ৫২,৯৯৭ গৰাকী লোক হোম আইছ'লেশ্বনত আছে বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰে।

ABOUT THE AUTHOR

...view details