অসম

assam

ETV Bharat / bharat

চন্দ্ৰযান-২ য়ে সম্পূৰ্ণ কৰিলে চন্দ্ৰৰ কক্ষপথ প্ৰদক্ষিণৰ এটা বছৰ - চন্দ্ৰৰ কক্ষপথত স্থাপন কৰা হৈছিল 8 টা বৈজ্ঞানিক উপকৰণ

২০১৯ চনৰ ২২ জুলাইত উৎক্ষেপন কৰা চন্দ্ৰযান-২ য়ে চন্দ্ৰৰ কক্ষপথত প্ৰদক্ষিণৰ ১ বছৰ সম্পূৰ্ণ কৰিলে । 'চন্দ্ৰযান-২' য়ে এবছৰত চন্দ্ৰৰ কক্ষপথত ৪,৪০০ ৰো অধিক বাৰ প্ৰদক্ষিণ কৰিছে ৷

চন্দ্ৰযান-২ য়ে সম্পূৰ্ণ কৰিলে চন্দ্ৰৰ কক্ষপথ প্ৰদক্ষিণৰ এটা বছৰ
চন্দ্ৰযান-২ য়ে সম্পূৰ্ণ কৰিলে চন্দ্ৰৰ কক্ষপথ প্ৰদক্ষিণৰ এটা বছৰ

By

Published : Aug 21, 2020, 12:56 PM IST

নেশ্যনেল ডেস্ক, ২১আগষ্ট :চন্দ্ৰৰ কক্ষপথত 1 বছৰৰ প্ৰদক্ষিণ সম্পূৰ্ণ কৰিলে ভাৰতৰ দ্বিতীয়খন মহাকাশযান 'চন্দ্ৰযান-2' য়ে । 2019 চনৰ 22 জুলাইত উৎক্ষেপন কৰা 'চন্দ্ৰযান-2' য়ে 2019 চনৰ বছৰৰে 20 আগষ্টত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল । বৰ্তমানলৈকে বিশ্বৰ কোনো দেশে অৱতৰণ কৰিবলৈ সক্ষম নোহোৱা দক্ষিণ মেৰুত অৱতৰণৰ বাবে পঠোৱা হৈছিল 'চন্দ্ৰযান-2'।

কিন্তু শেষ সময়ত লেণ্ডাৰ বিক্ৰমৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে চন্দ্ৰযানৰ। পিছে লেণ্ডাৰ বিক্ৰম বিফল হ'লেও চন্দ্ৰৰ কক্ষপথত স্থাপন কৰা হৈছিল 8 টা বৈজ্ঞানিক উপকৰণ। ISROৰ সূত্ৰই প্ৰকাশ কৰা মতে, সম্প্ৰতি আটাইকেইটা উপকৰণে সঠিকভাৱে কাম কৰি আছে। এটা বছৰ চন্দ্ৰৰ কক্ষপথত 4,400 ৰো অধিক বাৰ প্ৰদক্ষিণ কৰিছে 'চন্দ্ৰযান-2'য়ে । পৰ্যায়ক্ৰমিক কক্ষপথ ৰক্ষণাবেক্ষণ কৌশলৰ দ্বাৰা 100+/-25 কিল'মিটাৰ মেৰু কক্ষপথত ৰক্ষণাবেক্ষণ দিয়া হৈছে।

লগতে পঢ়ক :চলিত বৰ্ষত কেদাৰনাথৰ 'মোডী গুহা'ত নাই এজনো পৰ্যটক

ABOUT THE AUTHOR

...view details