নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ শুকুৰবাৰে ৰাষ্ট্ৰীয় পঞ্চায়তৰাজ দিৱসত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় চৰকাৰে নতুন ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত সদায় পঞ্চায়তৰাজৰ প্ৰতিষ্ঠান সমূহক অংশীদাৰ হিচাপে লৈছে বুলি উল্লেখ কৰে ।
টুইট যোগে শ্বাহে কয়,কেন্দ্ৰৰ আঁচনি যেনেকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ,কিষান সন্মান নিধি,ফচল বিমা যোজনা ইত্যাদি গাঁৱৰ বিকাশৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব। ইয়াৰ লগতে কয়, এন ডি এ চৰকাৰে সদায় কৃষকৰ লগতে গ্ৰামাঞ্চলৰ বিকাশৰ বাবে সকলো নীতি কৰ্মসূচীক কেন্দ্ৰবিন্দু হিচাপে ৰাখিছে বুলি কয় ।