নতুন দিল্লী, 6 এপ্ৰিলঃ কেন্দ্ৰীয় চৰকাৰে দেওবাৰে কোভিড-19 সংক্ৰমন ৰোধৰ বাবে কোৱাৰান্টাইন ব্যৱস্থাৰ বাবে থকা সুবিধাৰ ক্ষেত্ৰত এক দিশ-নিৰ্দেশনা জাৰি কৰে । নিৰ্দেশনাটোত উল্লেখ আছে যে, কোৱাৰান্টাইন কেন্দ্ৰ সমূহ চহৰৰ পৰা নিলগত হোৱাতো উচিত আৰু এনে ধৰণৰ হ'ব লাগে যাতে চিকিৎসা কৰ্মী আৰু তাত থকা লোক সকলে কম পৰিমানে বাৰ্তালাপ কৰিলেও হয় ।
কোৱান্টাৰাইনৰ সময়চোৱাত, প্ৰতিদিনে লোকজনৰ জ্বৰ বা আন কোনো লক্ষণে দেখা দিছে নেকি তাক নিৰীক্ষণ কৰিবলৈ কোৱা হৈছে । এই নিৰ্দেশনা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবচাইটত প্ৰকাশ পাইছে ।
সংশয়ৰ পৰিমানৰ বুজ লৈ কম শংকা পূৰ্ণ এলেকা, মধ্যম শংকা পূৰ্ণ এলেকা আৰু অধিক শংকাপূৰ্ণ এলেকা হিচাপে কোৱান্টাৰাইন কেন্দ্ৰৰ স্থান সমূহক চিনাক্ত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।