অসম

assam

ETV Bharat / bharat

ইচ্ছাকৃতভাৱে চৰকাৰে প্ৰকাশ কৰা নাই এন আৰ চিৰ চূড়ান্ত তালিকা ! - ৰিপুন বৰা

ৰিপুন বৰাই অভিযোগ উত্থাপন কৰা  অনুসৰি অসম চৰকাৰ তথা ৰাজ্য চৰকাৰে ইচ্ছাকৃতভাৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশত পলম কৰিছে ৷ তেওঁ কয় যে ,উচ্চতম ন্যায়ালয়ে এটা বছৰৰ পূৰ্বেই এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ দিন নিৰ্ধাৰণ কৰি দিছিল ৷ কিন্তু ইয়াৰ পাচতো এটা বছৰে চৰকাৰে কিয় এই প্ৰক্ৰিয়া সমাপ্ত কৰিব নোৱাৰিলে ৷

ইচ্ছাকৃত ভাৱে চৰকাৰে প্ৰকাশ কৰা নাই এন আৰ চিৰ চূড়ান্ত তালিকা!

By

Published : Jul 19, 2019, 2:58 PM IST

নতুন দিল্লী,19 জুলাই :ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূডা়ন্ত তালিকা প্ৰকাশত ইচ্ছাকৃতভাৱে পলম কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ এই অভিযোগ অসম প্ৰদেশ কমিটিৰ সভাপতি ৰিপুন বৰাৰ ৷

ৰিপুন বৰাই অভিযোগ উত্থাপন কৰা অনুসৰি অসম চৰকাৰ তথা ৰাজ্য চৰকাৰে ইচ্ছাকৃতভাৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশত পলম কৰিছে ৷ তেওঁ কয় যে ,উচ্চতম ন্যায়ালয়ে এটা বছৰৰ পূৰ্বেই এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ দিন নিৰ্ধাৰণ কৰি দিছিল ৷ কিন্তু ইয়াৰ পাচতো এটা বছৰে চৰকাৰে কিয় এই প্ৰক্ৰিয়া সমাপ্ত কৰিব নোৱাৰিলে ৷

এন আৰ চি প্ৰক্ৰিয়াৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰা হৈছে বুলিও উল্লেখ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

ইচ্ছাকৃত ভাৱে চৰকাৰে প্ৰকাশ কৰা নাই এন আৰ চিৰ চূড়ান্ত তালিকা!

উচ্চতম ন্যায়ালয়ত চূড়ান্ত তালিকা বৃদ্ধিৰ বাবে চৰকাৰে কৰা আবেদন প্ৰক্ৰিয়া সততে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক অধিক পলম কৰাৰ এক ষড়যন্ত্ৰহে বুলি প্ৰকাশ কৰে ৰিপুন বৰাই ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে অমিত শ্বাহে অন্য ৰাজ্যতো এন আৰ চি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি কৰা মন্তব্যৰ বিষয়ত কয় যে , এই ক্ষেত্ৰত চৰকাৰৰ স্থিতি স্পষ্ট নহয় ৷ কিয়নো ইয়াৰ পূৰ্বে গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে ৰাজ্যসভাত অন্য ৰাজ্যত এন আৰ চি প্ৰক্ৰিয়াৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বুলি মন্তব্য কৰিছিল ৷

ABOUT THE AUTHOR

...view details