নিউজ ডেস্ক, 3 জানুৱাৰী :কেন্দ্ৰীয় মন্ত্ৰী তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সদানন্দ গৌড়াক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কৰ্নাটকৰ বাসিন্দা গৌড়াৰ শৰ্কৰা স্তৰ হ্ৰাস পোৱাৰ পিচতেই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
কৰ্নাটকৰ চিত্ৰাদুৰ্গা জিলাৰ এখন হোটেলত থকা অৱস্থাত দেওবাৰে হঠাতে অসুস্থ হৈ পৰে মন্ত্ৰীগৰাকী ৷ অসুস্থ হৈ পৰা মন্ত্ৰীগৰাকীক ততালিকে চিত্ৰাদুৰ্গা জিলাৰ বাছাভেশ্বৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ চিকিৎসালয়খনৰ শীৰ্ষ চিকিৎসকৰ এটা দলে বৰ্তমানে তেওঁক নিৰীক্ষণত ৰাখিছে ৷