অসম

assam

ETV Bharat / bharat

জম্মু কাশ্মীৰলৈ সুৰক্ষা বাহিনীৰ অতিৰিক্ত 100 কোম্পানী

ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ গোপনীয় ভ্ৰমণৰ পিচতেই জম্মু-কাশ্মীৰলৈ অৰ্ধসামৰিক বাহিনীৰ অতিৰিক্ত 100 টা কোম্পানী প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷ বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি ৰাজ্যখনৰ পৰা অনুচ্ছেদ 35(A) উঠাই লোৱাৰ প্ৰচেষ্টাত আছে কেন্দ্ৰীয় চৰকাৰ ৷

জম্মু কাশ্মীৰলৈ সুৰক্ষা বাহিনীৰ অতিৰিক্ত 100 কোম্পানী

By

Published : Jul 27, 2019, 4:05 PM IST

নিউজ ডেস্ক, 27 জুলাইঃ কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ সৈতে যুঁজিবলৈ অৰ্ধসামৰিক বাহিনীৰ অতিৰিক্ত 100টা কোম্পানী প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এইসমূহ কোম্পানীৰ মোতায়েনত মঞ্জুৰি প্ৰদান কৰিছে ৷

জম্মু কাশ্মীৰলৈ সুৰক্ষা বাহিনীৰ অতিৰিক্ত 100 কোম্পানী
জম্মু কাশ্মীৰলৈ সুৰক্ষা বাহিনীৰ অতিৰিক্ত 100 কোম্পানী

এইদৰে বৃহৎ হাৰত ৰাজ্যখনলৈ সুৰক্ষা বাহিনীৰ দল প্ৰেৰণৰ আঁৰত ৰাজ্যখনৰ পৰা অনুচ্ছেদ 35(A) উঠাই লোৱাৰ প্ৰস্তুতি বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে ৷ অমৰনাথ যাত্ৰাৰ অন্ত পৰিলেই এই বিষয়ে কেন্দ্ৰীয় চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰিব ৷ ৰাষ্ট্ৰপতি শাসনৰ অন্ত পেলোৱাৰ সম্ভাৱনা ব্যক্ত কৰি উদ্ভাৱন হ'ব পৰা ব্যাপক হিংসাত্মক কাৰ্যকলাপৰ সৈতে মোকাবিলা কৰিবলৈ এইসমূহ বাহিনী প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত লৈছে ৷ কেন্দ্ৰই প্ৰেৰণ কৰিবলৈ লোৱা এইসমূহ কোম্পানীৰ ভিতৰত চিআৰপিএফৰ 50টা, বিএছএফৰ 10টা, এছএছবিৰ 30 আৰু আইটিবিপিৰ 10টা কোম্পানী আছে ৷

ABOUT THE AUTHOR

...view details