যিসকলে জ্যেষ্ঠ নাগৰিকসকলৰ যতন লয় তেওঁলোকে প্ৰয়োজনীয় প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাটো নিতান্তই আৱশ্যক । যেনে—সঘনাই কমেও ২০ ছেকেণ্ডৰ বাবে হাত ধোৱা বা যত্ন লোৱাৰ আগত বা পাচত, বাথৰূম ব্যৱহাৰ,খাদ্য প্ৰস্তুত কৰাৰ আগেয়ে বা পাচত ভালদৰে এলকহলযুক্ত ছেনিটাইজাৰেৰে হাত দুখন ধুব লাগে । যত্ন লওঁতাসকলে কাহ বা হাঁচিওৱাৰ ক্ষেত্ৰত নিৰ্ধাৰিত নিয়মসমূহো মানি চলিব লাগে । কাহ বা হাঁচি মৰাৰ সমত টিছ্যু বা কিলাকুটি ব্যৱহাৰ কৰিব লাগে । ঘৰৰ যিবোৰ বস্তু সঘনাই স্পৰ্শ কৰা যায় সেইবোৰ চাবোন আৰু পানী বা বীজাণুনাশকেৰে চাফা কৰাটো উচিত । জ্যেষ্ঠ লোকসকলে ব্যৱহাৰ কৰা চিকিৎসাৰ লগত জড়িত সামগ্ৰীবোৰৰ ক্ষেত্ৰতো একেই উপায় অৱলম্বন কৰাটো প্ৰয়োজনীয় ।
যিহেতু বয়োজ্যেষ্ঠ লোকসকলৰ চলাচল কৰাত অসুবিধাৰ সন্মুখীন হয় সেয়ে তেওঁলোকে ঘৰৰ বাহিৰৰ পৃথিৱীখনৰ সৈতে বেছি যোগাযোগ নাৰাখে । তেওঁলোকৰ উদ্যম শক্তিশালী কৰাৰ লগতে মনটোক সতেজ কৰি ৰাখিবলৈ সামাজিক ভাৱ বিনিময়ৰ বৰ গুৰুত্বপূৰ্ণ । কিন্তু ব্যক্তিগত সাক্ষাতকো কম পৰিমাণৰ কৰা উচিত যাতে বন্ধু বা সম্পৰ্কীয় লোকৰ সংস্পৰ্শলৈ আহি এইসকল বৃদ্ধ লোক অসুস্থ হৈ নপৰে । যিহেতু বন্ধু-বান্ধৱ, পৰিয়াল-পৰিজনৰ সৈতে বাৰ্তালাপ কৰাটো জৰুৰী এই ক্ষেত্ৰত তেওঁলোকে ফোনৰ ব্যৱহাৰ কৰিব পাৰে । চুবুৰীয়া, ঘৰুৱা সহায়কাৰী, ডাকোৱাল বা আন লোকসকলৰ সৈতে হোৱা বাৰ্তালাপে তেওঁলোকৰ সামাজিক একাকীত্বৰ ভাৱক দূৰ কৰিব পাৰে আৰু বাহিৰৰ পৃথিৱীখনৰ খবৰ লাভ কৰিব পাৰে ।
লগতে পঢ়ক :COVID-19ৰ সংক্ৰমণ বিশ্বব্যাপী থকা প্ৰবাসীসকলৰ বাবে বিপদজনক হ'ব পাৰে
শিশুসকলৰ সংগই জ্যেষ্ঠ লোকসকলৰ মনত আনন্দ দিয়ে । কিন্তু এয়া সতৰ্ক হৈ থকাটো প্ৰয়োজন যে শিশুসকল COVID-19 প্ৰতিৰোধ কৰাৰ ক্ষমতা থাকিলেও জ্যেষ্ঠ লোকসকলৰ সৈতে থকা সিহঁতৰ নৈকট্যৰ বাবে কৰ’ণা ভাইৰাছৰ বাহক হিচাপে কাম কৰিব পাৰে । যদি কণমানিহঁত অসুস্থ হৈ থাকে সম্পূৰ্ণৰূপে সুস্থ হৈ নুঠা পৰ্যন্ত সিহঁতক দূৰত ৰাখিব লাগে । ভিডিঅ’ কনফাৰেন্সিঙৰ সুবিধা থকা ফোন বা কম্পিউটাৰৰ জৰিয়তে বয়োজ্যেষ্ঠ লোকসকলে বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে যোগাযোগ অব্যাহত ৰাখিব পাৰে । যিসকলৰ কাণেৰে শুনাত অসুবিধা আছে তেওঁলোকে ব্যৱহাৰ কৰিব পৰাকৈ ম’বাইল-কম্পিউটাৰত বিশেষ ব্যৱস্থা আছে । পৰিয়ালৰ লোকসকলেও বন্ধু আৰু আত্মীয়-স্বজনক সঘনে ফোন কৰি থাকিবলৈ, চিঠি লিখিবলৈ বা মেছেজ প্ৰেৰণ কৰিবলৈ ক’ব পাৰে । যিহেতু বহু উপাসনাস্থলী বন্ধ হৈ আছে গতিকে জ্যেষ্ঠ লোকসকলে আধ্যাত্মিকতা বৰ্তাই ৰখাৰ বাবে আন উপায় অৱলম্বন কৰিব পাৰে তাৰ প্ৰতি গুৰুত্ব দিব লাগে । ইয়াৰ ভিতৰত অনলাইন ব্যৱস্থা, টিভিৰ অনুষ্ঠান, আন সদস্যসকলৰ সৈতে ফোনত যোগাযোগ উল্লেখনীয় উপায় হ’ব পাৰে । লঘু ব্যায়াম, যোগ, স্বাস-প্ৰশ্বাসৰ ব্যায়ম, প্ৰাণায়ম, ঘৰত প্ৰাৰ্থনা আদি আধ্যাত্মিকভাৱে সুস্থ হৈ থকাৰ উপায় ।
লগতে পঢ়ক :কোভিড-19ত আক্ৰান্ত হৈ ভাৰতীয় মুলৰ আমেৰিকান সাংবাদিকৰ মৃত্যু