নেশ্যনেল ডেস্ক, 13 জুলাইঃবিশ্বজুৰি কৰ'ণা মহামাৰীৰ উত্থান অব্যাহত আছে । মাৰ্কিন যুক্তৰাষ্ট্ৰ এই মহামাৰীৰ দ্বাৰা আটাইতকৈ অধিক প্ৰভাৱিত হৈছে । দেশখনত 1.2 কোটিৰো অধিক লোক আক্ৰান্ত হৈছে কৰ'ণা মহামাৰীত । আনহাতে ব্ৰাজিলৰ পিচতে 8 লক্ষাধিক কৰ'ণা আক্ৰান্তৰে ভাৰত সম্প্ৰতি আছে তৃতীয় স্থানত । বৰ্তমান পৰিস্থিতিত যি হাৰত ভিন্ন ৰাজ্যত কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে সেইটো এক চিন্তাৰ বিষয় হৈ পৰিছে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উল্লেখ কৰা অনুসৰি,'অদূৰ ভৱিয্যতেও হয়তো কৰ'ণা মহামাৰীৰ এই যুদ্ধ খন শেষ নহ'ব । শতিকাটোৰ আটাইতকৈ শোচনীয় এই সময় খিনিক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সাৰ্বজনীন প্ৰস্তুতিও আশ্চৰ্যজনক ।'
বিশ্ব স্বাস্থ্য সংস্থাই উল্লেখ কৰা অনুসৰি কৰ'ণা ভাইৰাছ এনে এক বীজাণু,যি কেৱল হাঁচি,কাহৰ জৰিয়তেই বহু লোকলৈ সংক্ৰমিত হ'ব পাৰে । মিনিটতে বিয়পে এই বীজাণুৰ সংক্ৰমণ । কোনো লোকৰ সৈতে বাৰ্তালাপ কৰি থকাৰ সময়ত আমাৰ মুখত উৎপন্ন হোৱা ছেলাইভাৰ টোপালত থাকে এই বীজাণু। আনকি বতাহতো বিয়পে এই বীজাণু ।
এই বীজাণুৰ সংক্ৰমণ ৰোধ কৰিবলৈয়ে জাৰি কৰা হৈছিল লক ডাউন । ধৰ্মীয় স্থল,জিম,চিনেমাগৃহ আদি বন্ধ হোৱাৰ মূলতো আছিল এই মহামাৰীৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ উদ্দেশ্য। এই ৰাষ্ট্ৰীয় সীমাবদ্ধতাৰ মাজতে বহু লোকে স্বাস্থ্য বিধি তথা সতৰ্কতামূলক বিধি আদি উলংঘন কৰাও পৰিলক্ষিত হৈছে । যাৰ বাবে বহু সময়ত এই মহামাৰীৰ সমক্ৰমণ বৃদ্ধি পাইছিল ।
যদিও বিশেষজ্ঞ সকলে মাস্কৰ পৰিধান বাধ্যতামূলক বুলি জনোৱাৰ লগতে, ৰাজহুৱা স্থানত থু পেলোৱাৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছিল, তেনে সময়তে এনে কিছুমান নিয়ম উলংঘাকাৰী লোক উদ্বেগৰ বিষয় হৈ পৰিছিল । বিশেষজ্ঞ সকলে উল্লেখ কৰা অনুসৰি, বহু আক্ৰান্ত লোক এতিয়াও ঘূৰি আছে ৰাজহুৱা স্থানত । তাতে আকৌ একাংশ লোকে ৰাজহুৱা স্থানত মাস্ক আদি পৰিধান নকৰাকৈয়ে ঘূৰি ফুৰিছে । যিটো এই মহামাৰী সংক্ৰমণৰ অন্যতম বিষয় বুলি অভিহিত কৰিব পাৰি ।
এনে কিছুমান অসাৱধানতাৰ বাবে অদূৰ ভৱিষ্যতে এই ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে । সতৰ্কতা অবলম্বন কৰি নিজৰ স্বাস্থ্যৰ লগতে, সামাজিক সুৰক্ষাৰ দিশটোৰ প্ৰতি লোক সচেতন হোৱাটো উচিত । প্ৰধানমন্ত্ৰীয়ে কৰ'ণা মহামাৰী ৰোধৰ বাবে সঠিকভাৱে তৈয়াৰ হোৱাৰ পিচতো নাগৰিক সকলে সঠিকভাৱে এই নিয়ম পালন কৰিব পৰা নাই ।
'চিন্তা কৰাৰ কোনো কাৰণ নাই' বুলি ভৱা লোকসকলৰ বাবেই আজি ভাৰতত বিপজ্জনক পৰিণতি পৰিলক্ষিত হৈছে । শেহতীয়া ওড়িশা আৰক্ষীয়ে মাস্ক পৰিধান নকৰাকৈয়ে ৰাজহুৱা স্থানত কাঁহ মৰাৰ বাবে 1.25 কোটিতকৈয়ো অধিক জৰিমনা সংগ্ৰহ কৰিছে লোকৰ পৰা । আনকি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীতো আৰক্ষীয়ে কৰ'ণাৰ নিয়ম উলংঘাকাৰী একাংশ লোকৰ পৰা সংগ্ৰহ কৰিছে 1 কোটিৰো অধিক জৰিমনা । একেদৰে আগ্ৰা জিলা প্ৰশাসনে কঠোৰ নিয়মৰ মাজেৰে পুনৰ লক ডাউন ঘোষণা কৰিছে । আনহাতে কেৰালা চৰকাৰেও নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে লৈছে কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা । পিনাৰায় বিজয়ন চৰকাৰে ৰাজহুৱা স্থানত পিক পেলোৱা আৰু মাস্ক পৰিধান নকৰা লোকৰ বাবে 2 বছৰৰ কাৰাদণ্ডৰ লগতে 10 হাজাৰ টকাৰ জৰিমনা ধাৰ্য কৰিছে ।
এই সময় সকলো ৰাজ্যৰ নাগৰিকৰ বাবে এক স্পৰ্শকাতৰ সময় । নিয়ম পালন নকৰাটো নিজৰ লগতে,সমাজৰ প্ৰতিও এক চিন্তাৰ বিষয় হৈ পৰিছে । কৰ'ণা মহামাৰী ৰোধৰ বাবে থাকিবলগীয়া দায়িত্ব,নিয়ম,সীমাবদ্ধতা আদি পালন কৰিলেহে কৰ'ণাৰ বিৰুদ্ধে দিয়া যুঁজ খনত সফল হ'ব পৰা যাব । অন্যথা আগন্তুক সময়ত পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ দিশে অতিক্ৰম কৰিব । সাম্প্ৰতিক মন্দাৱস্থাৰ সময়ত প্ৰতি গৰাকী নাগৰিকে এগৰাকী সুদক্ষ সেনাৰ দৰে নিজকে অনুশাসিত কৰিব লাগিব। কৰ'ণাৰ বিৰুদ্ধে ল'বলগীয়া নিয়ম সমূহ পালন কৰিব লাগিব ।
লগতে পঢ়কঃCOVID-19: বিশ্বৰ ভিন্ন দেশৰ সাম্প্ৰতিক তথ্য