বাঁকুৰা, 5 নৱেম্বৰ :কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেবৃহস্পতিবাৰে এক মন্তব্য প্ৰকাশ কৰি কয় যে মমতা চৰকাৰে লাহে লাহে মৃত্যুৰ ক্ষণ গণিছে ৷ তেওঁ কয় যে মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে পশ্চিমবংগৰ ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ উদ্গীৰণ হৈছে ৷
ৰাজ্যখনলৈ এক ভ্ৰমণ সূচীৰে যোৱা মন্ত্ৰী গৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ লাভালাভ ৰাজ্যখনৰ দৰিদ্ৰ লোক সকললৈ যোৱাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে ৷
ৰাজ্যখনত উপস্থিত হৈ বিপ্লৱী বিৰ্চা মুণ্ডাৰ মুৰ্তিত মাল্যাৰ্পন কৰি তেওঁ কয় , "যোৱা নিশাৰ পৰা মই পশ্চিমবংগত আছো আৰু ইয়াৰ ৰাইজৰ মমতা বেনাৰ্জী চৰকাৰৰ প্ৰতি থকা ক্ষোভ অনুভৱ কৰিব পাৰিছো ৷ নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ নেতৃত্বত আমি ৰাজ্যখনলৈ এক পৰিৱৰ্তন আনিব পাৰিম বুলি দৃঢ়ভাৱে বিশ্বাসী ৷"
তেওঁ লগতে কয় যে মমতা বেনাৰ্জী চৰকাৰৰ মৃত্যুধ্বনি বাজিছে আৰু দুই-তৃতীয়াংশ সংখ্যা গৰিষ্ঠতাৰে বিজেপি চৰকাৰে পশ্চিম বংগত এইবাৰৰ চৰকাৰ গঠন কৰিব ৷ পশ্চিমবংগত বিজেপি কৰ্মীক আক্ৰমণৰ অভিযোগ তুলি শ্বাহে চৰকাৰ খনক সমালোচনা কৰে ৷
লগতে পঢ়ক:প্ৰতিৰক্ষা খণ্ডৰ মানৱ সম্পদ সংস্কাৰক লৈ চিডিএছৰ গুৰুত্বপূৰ্ণ ঘোষণা