ETV Bharat Assam

অসম

assam

ETV Bharat / bharat

মহিলাৰ প্ৰজনন ক্ষমতা অধিকাৰ সুৰক্ষা প্ৰদান বিধেয়কত অনুমতি কেবিনেটৰ - মহিলাৰ প্ৰজনন ক্ষমতা অধিকাৰ সুৰক্ষা প্ৰদান বিধেয়ক

মহিলাৰ প্ৰজনন ক্ষমতা অধিকাৰ সুৰক্ষা প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় কেবিনেটে বুধবাৰে 'Assisted Reproductive Technology Regulation Bill 2020'ৰ অনুমোদন জনায় ৷ এই বিধেয়কখন 2 মাৰ্চৰ পৰা 3 এপ্ৰিললৈ অনুষ্ঠিত হ’বলগীয়া সংসদৰ পৰৱৰ্তী পৰ্যায়ৰ বাজেট অধিৱেশনত উত্থাপন হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে ৷ আনহাতে স্মৃতি ইৰাণীয়ে মহিলাসকলৰ উন্নয়ণৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি থকা বুলি উল্লেখ কৰে ৷

Cabinet okays Bill to protect women's reproductive rights
মহিলাৰ প্ৰজনন ক্ষমতা অধিকাৰ সুৰক্ষা প্ৰদান বিধেয়কত অনুমতি কেবিনেটৰ
author img

By

Published : Feb 19, 2020, 9:07 PM IST

নেশ্যনেল ডেস্ক, 19 ফেব্ৰুৱাৰীঃ মহিলাৰ প্ৰজনন ক্ষমতা অধিকাৰ সুৰক্ষা প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় কেবিনেটে বুধবাৰে 'Assisted Reproductive Technology Regulation Bill 2020'ৰ অনুমোদন জনায় ৷

এই বিধেয়কখন ঐতিহাসিক বুলি উল্লেখ কৰে মহিলা আৰু শিশু উন্নয়ণ মন্ত্ৰী স্মৃতি ইৰাণীয়ে ৷ ইয়াৰোপৰি এই বিলখনে মহিলা উন্নয়ণক আইন হিচাপে ৰাষ্ট্ৰীয় পঞ্জীয়ণত অন্তৰ্ভুক্ত তথা প্ৰতিষ্ঠিত কৰিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

ৰাষ্ট্ৰীয় পৰিষদ আৰু ৰাজ্যিক পৰিষদে এই বিধেয়কখনৰ বৈধ বুনিয়াদী ব্যৱস্থা গ্ৰহণ কৰিব ৷ ইয়াৰোপৰি কেন্দ্ৰীয় তথ্যভিত্তিক ক্লিনিক আৰু বেংকৰো প্ৰতিষ্ঠা কৰা হ’ব বুলি স্মৃতি ইৰাণীয়ে প্ৰকাশ কৰে ৷ লগতে তেওঁ কয় যে এই বিধেয়কখন অনুসৰি ভ্ৰূণ বিক্ৰী আৰু সৰবৰাহকাৰীৰ কৰাৰ ক্ষেত্ৰতো জৰিমনা ভৰিবলগীয়া হ’ব ৷

উল্লেখ্য যে এই বিধেয়কখন 2 মাৰ্চৰ পৰা 3 এপ্ৰিললৈ অনুষ্ঠিত হ’বলগীয়া সংসদৰ পৰৱৰ্তী পৰ্যায়ৰ বাজেট অধিৱেশনত উত্থাপন হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে ৷ আনহাতে স্মৃতি ইৰাণীয়ে মহিলাসকলৰ উন্নয়ণৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি থকা বুলি উল্লেখ কৰে ৷

আৰু পঢ়কঃদুগ্ধজাত খণ্ডৰ বিকাশৰ বাবে 4,558 কোটি টকাৰ আঁচনিত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰঃ প্ৰকাশ জাভেদকাৰ

ABOUT THE AUTHOR

...view details