নিউজ ডেস্ক, 21 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে দেশৰ বহুতো গুৰুত্বপূৰ্ণ বিষয়ৰ পৰা জনসাধাৰণক বিচলিত কৰাৰ এক মাধ্যম, তাৰবাদে একো নহয় ৷ বৰ্তমানৰ শাসনাধীস্থ চৰকাৰখনক এইদৰে সমালোচনা কৰে জাতীয় কংগ্ৰেছৰ সভাপতি শাৰদ পাৱাৰে ৷ কেৱল সংখ্যালঘুৱেই নহয় দেশৰ একতা আৰু উন্নয়নক লৈ যিসকল লোক চিন্তিত সেইসকল লোকো বৰ্তমান কেৱল নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰোধীতাত ব্যস্ত ৷ লগতে এই আইনখনে দেশৰ শান্তি আৰু ঐক্যক বহু পৰিমাণে ক্ষতি কৰিব বুলিও প্ৰকাশ কৰে নেতা গৰাকীয়ে ৷
নাগৰিকত্ব সংশোধনী আইনে জনতাক বিচলিত কৰিছেঃ শাৰদ পাৱাৰ - ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বাতৰি
নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে দেশৰ বহুতো গুৰুত্বপূৰ্ণ বিষয়সমূহৰ পৰা জনসাধাৰণক বিচলিত কৰাৰ এক মাধ্যম, তাৰ বাদে একো নহয় ৷ বৰ্তমানৰ শাসনাধীস্থ চৰকাৰখনক এইদৰে সমালোচনা কৰে জাতীয় কংগ্ৰেছৰ সভাপতি শাৰদ পাৱাৰে ৷
কেৱল পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ প্ৰবাসীক নাগৰিকত্ব প্ৰদান কৰা হৈছ ? শ্ৰীলংকাৰ তামিল সম্প্ৰদায়ৰ লোকসকলক কিয় দিয়া নাই বুলি প্ৰশ্ন উত্থাপিত কৰে কংগ্ৰেছৰ নেতাগৰাকীয়ে ৷ বিহাৰৰ লগতে বিজেপি শাসনাধীস্থ 8 খন ৰাজ্যই এই আইনখন প্ৰত্যাখ্যান কৰিছে আৰু মহাৰাষ্ট্ৰইও ইয়াত সমৰ্থন জনাব লাগে বুলিও প্ৰকাশ কৰে শাৰদ পাৱাৰে ৷
নাগৰিকত্ব সংশোধনী আইনখন এখন কেন্দ্ৰীয় আইন, কিন্তু ৰাজ্যিক সংস্থাসমূহৰ দ্বাৰাহে ইয়াৰ কাৰ্যকৰীকৰণ কৰা হ'ব ৷ কিন্তু আইনখন কাৰ্যকৰী কৰিবলৈ ৰাজ্যত তেনেধৰণৰ ব্যৱস্থাপনা আছেনে বুলিও প্ৰশ্ন কৰে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷