অসম

assam

ETV Bharat / bharat

দেশৰ হকে নাগৰিকত্ব আইন : প্ৰকাশ জাভেদকাৰ - CAA is in the interest of the country: Prakash Javadekar

নাগৰিকত্ব সংশোধনী আইন লৈ সৰ্বত্ৰ চৰ্চা চলি থকাৰ সময়তে নিজ চৰকাৰৰ পক্ষত থিয় দিছে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে ৷ দেশৰ হিতৰ হকেহে নাগৰিকত্ব আইন বুলি মন্তব্য কৰে জাভেদকাৰে ৷

নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত মন্তব্য়
প্ৰকাশ জাভাডেকাৰ

By

Published : Dec 18, 2019, 5:10 PM IST

নেশ্যনেল ডেস্ক,18 ডিচেম্বৰ:নাগৰিকত্ব সংশোধনী আইন নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ বাবে মূৰৰ কামোৰণিত পৰিণত হৈছে ৷ এনে সময়তে নিজ চৰকাৰৰ সমৰ্থনত থিয় দিছে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰ ৷ মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে,নাগৰিকত্ব সংশোধনী আইন ৰাইজ তথা দেশৰ হিতৰ হকে ৷

নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত প্ৰকাশ জাভাডেকাৰৰ মন্তব্য়

সংবাদ মাধ্যমৰ এক প্ৰশ্নত প্ৰকাশ জাভেদকাৰে কয়, "নাগৰিকত্ব সংশোধনী আইন দেশৰ হিতৰ বাবে ৷ কাৰোবাক বাহিৰ কৰিবৰ বাবে নহয় ৷ কোনো লোকে ভয় কৰাৰ প্ৰয়োজন নাই ৷ কেৱল অবৈধ অনুপ্ৰৱেশকাৰী সকলেহে ভয় কৰিব লাগে ৷"

তেওঁ লগতে কয়,"দেশত 900 খন বিশ্ববিদ্যালয় আছে ৷ আমাৰ দোৱাৰ ছাত্ৰৰ বাবে মুকলি আছে ৷ কাৰোবাৰ কিবা সমস্যা থাকিলে চৰকাৰে সমস্যা সমাধানৰ চেষ্টা কৰিব ৷"

সংসদৰ দুয়োটা সদনতে নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পাচৰে পৰা দেশত বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৷ অসমৰ পৰা উদ্ভৱ হোৱা এই জুয়ে সমগ্ৰ দেশ বিয়পি পৰে ৷

আনহাতে,দেওবাৰে দিল্লীৰ জামিয়া মিলিয়া বিশ্ববিদ্যালয়ত দিল্লী আৰক্ষীয়ে প্ৰৱেশ কৰাৰ পাচতে সমগ্ৰ বিষয়ত ৰাষ্ট্ৰীয় তৰ্ক আৰম্ভ হয় ৷ বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰি আৰক্ষীয়ে লাঠিচালনা কৰাৰ ভিডিঅ' প্ৰকাশ পাইছিল ৷ ইয়াৰ পাচতে বিশ্বৰ বিভিন্ন স্থানৰ বিশ্ববিদ্যালয়ৰ পৰা জামিয়াৰ ছাত্ৰলৈ সহানুভূতি প্ৰদৰ্শন কৰাৰ লগতে তেওঁলোকৰ সৈতে থিয় হৈছিল ৷

আৰু পঢ়ক : নিশা NIA-ই সংগোপনে দিল্লীলৈ নিলে কৃষক নেতা অখিল গগৈক

ABOUT THE AUTHOR

...view details