অসম

assam

ভাৰতীয় ৰেলৱে'ত সংযোজন হ'ল 'বুদ্ধিষ্ট চাৰ্কিট ট্ৰেইন'

By

Published : Oct 18, 2019, 11:22 PM IST

দেশৰ ৰেলৱে' ব্যৱস্থাত সংযোজন হ'ল আন এটি অধ্যায় ৷ আই আৰ চি টি চিৰ সহযোগিতাৰে ভাৰতত আৰম্ভ কৰা হ'ল " বুদ্ধিষ্ট চাৰ্কিট ট্ৰেইন " ৷ 19 অক্টোবৰৰ পৰা 26 অক্টোবৰলৈ চলাচল কৰিব ট্ৰেইখন ৷

বুদ্ধিষ্ট চাৰ্কিট ট্ৰেইন

নিউজ ডেস্ক, 18 অক্টোবৰঃ দেশৰ ৰেলৱে' ব্যৱস্থাত সংযোজন হ'ল আন এটি অধ্যায় ৷ আই আৰ চি টি চিৰ সহযোগিতাৰে ভাৰতত আৰম্ভ কৰা হ'ল " বুদ্ধিষ্ট চাৰ্কিট ট্ৰেইন " ৷ ভাৰতৰ পৰ্যটক সকলৰ বাবে চলি থকা বিশেষ পৰ্যটন ট্ৰেইনবোৰৰ দৰে হ'ব এই ট্ৰেইখন ৷ 2019-20 বৰ্ষৰ বাবে 19 অক্টোবৰৰ পৰা 26 অক্টোবৰলৈ চলাচল কৰিব ট্ৰেইখন ৷ সম্পূৰ্ণ আঠ দিন সাত ৰাতি চলিবলগীয়া ট্ৰেইনখনে ভাৰতবৰ্ষৰ বিভিন্ন পৰ্যটনস্থলী সমূহৰ লগতে নেপাললৈকে সাঙুৰি ল'ব ৷

কি বিশেষ আছে ট্ৰেইনখনত

ভাৰতৰ আটাইতকৈ বিলাসী আৰু ব্যয়বহুল মহাৰাজা এক্সপ্ৰেছৰ আৰ্হিতে নিৰ্মাণ কৰা হৈছে বুদ্ধিষ্ট চাৰ্কিট ট্ৰেইনখন ৷ সৰ্বমুঠ বাৰটা ক'চ থকা ট্ৰেইনখনত এ চি ফাষ্ট ক্লাছ,বায়ো ভেকুৱাম টয়লেট,ডাইনিং কাৰ্ছৰ সুবিধা থাকিব ৷ এই যাত্ৰাত বৈচিত্ৰময় ভাৰতৰ বিষয়ে জ্ঞান দিয়া হ'ব যাত্ৰীসকলক ৷ আই আৰ চি টি চিয়ে এহাল দম্পতীৰ যাত্ৰীৰ বাবদ 1.23 লাখ টকা আদায় কৰিব ৷

ABOUT THE AUTHOR

...view details