নিউজ ডেস্ক, 26 আগষ্ট: পশ্চিমবংগৰ উত্তৰ 24 পৰগনা জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ পৰা এগৰাকী বাংলাদেশী মহিলাক নাৰীদেহ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে ৷ মহিলাগৰাকীক নাৰীদেহ সৰবৰাহকাৰীয়ে মুম্বাইলৈ সৰবৰাহৰ চেষ্টা চলাই আছিল বুলি মঙলবাৰে বি এছ এফৰ ফালৰ পৰা সদৰি কৰা হয় ৷
বি এছ এফৰ এক বিভাগীয় মন্তব্যত কোৱা হয় যে, "25 আগষ্টত বি এছ এফে নিজৰ গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰে যে, ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ হৈ উত্তৰ 24 পৰগনা জিলাৰ গাঙ্গুলীয়া গাঁৱত এগৰাকী বাংলাদেশী মহিলাই অবৈধভাৱে প্ৰৱেশ কৰি দালালৰ সহযোগত লুকাই আছে ৷ " যাৰ পাছতেই সুৰক্ষা বাহিনীয়ে অভিযান চলাই মহিলাগৰাকীক উদ্ধাৰ কৰি মোস্তাফাপুৰ বি অ পিলৈ আনে আৰু মহিলাগৰাকীক সোধপোচ কৰাৰ পাছত সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷