নিউজ ডেস্ক, 22 মেঃ ভাৰত-চীন সীমান্তৰ মেকমোহন লাইনৰ সুৰক্ষাৰ ওপৰত এক সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হয় ভাৰতীয় আৰু চীনা সেনাৰ দুটা দল ৷ পূব লাডাখৰ শূণ্য অঞ্চলৰ দৌলট বেগ অল্ডি-টেইন ৱেইন দিয়েন আলোচনাস্থলত এইদৰে মিলিত হয় দুয়োখন দেশৰ সেনাৰ দল দুটা ৷
লাডাখ সীমান্তত আলোচনাত মিলিত চীন আৰু ভাৰতীয় সেনা - Ladakh
লাডাখত দুয়োখন দেশৰ সেনাৰ মাজত অনুষ্ঠিত হয় এক সৌহাদ্যপূৰ্ণ সীমান্ত সুৰক্ষা আলোচনা ৷
চীন আৰু ভাৰতীয় সেনা
ভাৰতীয় সেনাৰ হৈ এই আলোচনাত অংশগ্ৰহণ কৰে ফায়াৰ এণ্ড ফিউৰি কৰ্পছৰ মেজৰ জেনেৰেল অৰবিন্দ কাপুৰৰ নেতৃত্বৰ এটি বাৰজনীয়া বিষয়াৰ দলে ৷ চীন সেনাৰ দলটোক নেতৃত্ব দিয়ে ছিনিয়ন কৰ্ণেল গান ৱেই হানে ৷
দুয়োখন দেশৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে আলোচনাচক্ৰখনি মুকলি কৰা হয় ৷ আলোচনাত মেকমোহন লাইনৰ সুৰক্ষাৰ লগতে দুয়োখন দেশৰ সেনাৰ মাজত পৰস্পৰ সম্পৰ্ক উন্নীতকৰণৰ ওপৰত বিশদ বাৰ্তালাপ হয় ৷