অসম

assam

ETV Bharat / bharat

ছত্তিশগড় : মাওবাদীৰে সংঘৰ্ষত নিহত 17 গৰাকী ডিআৰজি জোৱান - 17 missing cops martyred in Sukma

শনিবাৰে নিশাৰ ভাগত সংঘটিত হোৱা ভয়ংকৰ সংঘৰ্ষৰ পিচতে নিখোজ হৈ থকা 17 গৰাকীকৈ ডিআৰজি জোৱানৰ মৃতদেহ উদ্ধাৰ কৰিছে ছত্তিশগড় আৰক্ষীয়ে ৷ ৰাজ্যখনৰ দুৰ্গম তথা অতি স্পৰ্শকাতৰ চুকমা জিলাত মাওবাদীৰে সৈতে সংঘৰ্ষত লিপ্ত হৈছিল জিলা সংৰক্ষিত বাহিনী চমুকৈ ডিআৰজিৰ জোৱানসকল ৷

মাওবাদীৰে সংঘৰ্ষত নিহত 17 গৰাকী ডিআৰজি জোৱান
মাওবাদীৰে সংঘৰ্ষত নিহত 17 গৰাকী ডিআৰজি জোৱান

By

Published : Mar 22, 2020, 6:17 PM IST

Updated : Mar 22, 2020, 7:14 PM IST

নিউজ ডেস্ক, 22 মাৰ্চ :শনিবাৰে নিশাৰ ভাগত ছত্তিশগড়ৰ মাও অধ্যুষিত চুকমাত ভয়ংকৰ সংঘৰ্ষত লিপ্ত হৈছিল ৰাজ্যখনৰ জিলা সংৰক্ষিত বাহিনী আৰু মাওবাদীৰ এটা দল ৷ শনিবাৰে নিশাৰ পৰা আৰম্ভ হোৱা এই সংঘৰ্ষৰ পিচতে নিখোজ হৈ আছিল 17গৰাকীকৈ ডিআৰজি জোৱান ৷ অৱশেষত দেওবাৰে দিনত চুকমাৰ ঘন জংঘলৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হয় 17জনকৈ নিখোজ জোৱানৰ মৃতদেহ ৷ বষ্টৰ ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শক সুন্দৰৰাজ পি.য়ে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে ৷ ইতিমধ্যে জংঘলৰ মাজৰ পৰা শ্বহীদ জোৱানকেইজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷

ছত্তিশগড় : মাওবাদীৰে সংঘৰ্ষত নিহত 17 গৰাকী ডিআৰজি জোৱান

শনিবাৰে নিশা প্ৰায় 2:30 বজাৰ পৰা চুকমাৰ চিন্তাগুফাৰ কোৰাজগুড়া পাহাৰত সংঘটিত হৈছিল এই সংঘৰ্ষ ৷ প্ৰায় 600ৰো অধিক ডিআৰজি জোৱান, এছটিএফ জোৱান আৰু চিআৰপিএফ কোব্ৰা কামাণ্ডোৱে এই অভিযানত ভাগ লৈছিল ৷ ইলমাগুন্দাত মাওবাদীৰ অৱস্থিতিৰ বিষয়ে তথ্য লাভ কৰাৰ পিচতেচুকমাৰ চিন্তাগুফা, বুৰকাপাল আৰু টিমেলৱাড়াক তিনিওফালৰ পৰা ঘেৰি লৈ বাহিৰ কৰা হৈছিল এই বৃহৎ অভিযান ৷ ইলমাগুন্দাৰ ওচৰৰ কোৰাজগুড়া পাহাৰত মাওবাদীৰ সৈতে মুখামুখি হয় নিৰাপত্তাৰক্ষীৰ অভিযানকাৰী দলটো ৷ আৰক্ষী মহাপৰিদৰ্শক সুন্দৰৰাজ পি.য়ে প্ৰকাশ কৰা তথ্য অনুসৰি, চাৰিৰ পৰা পাঁচগৰাকী নক্সালবাদী এই অভিযানত নিহত হোৱাৰ লগতে সমানসংখ্যক আহত হৈছে ৷ সংঘৰ্ষত প্ৰায় 14 গৰাকী ডিআৰজি জোৱান আহত হোৱাৰ লগতে নিশাই তেওঁলোকক ৰায়পুৰস্থিত চিকিৎসালয়লৈ এয়াৰলিফ্ট কৰা হৈছিল বুলি জনায় আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে ৷

উল্লেখ্য যে, মাও অধ্যুষিত ছত্তিশগড়ত নিৰাপত্তা বাহিনীৰ ওপৰত চলিত বৰ্ষৰ এয়া হৈছে প্ৰথমটো ভয়ংকৰ আক্ৰমণ ৷ ইয়াৰ পূৰ্বেও চুকমা জিলাত মাওবাদীৰে সৈতে নিৰাপত্তাৰক্ষীয়ে বহুবাৰ সংঘৰ্ষত লিপ্ত হোৱাৰ লগতে বহুটো জোৱান শ্বহীদ হৈছিল ৷

মাওবাদীৰে সংঘৰ্ষত নিহত 17 গৰাকী ডিআৰজি জোৱান

2010 চনৰ 6 এপ্ৰিলত সংঘটিত হৈছিল শতিকাৰ আটাইতকৈ ভয়ংকৰ আক্ৰমণটো য'ত চিআৰপিএফৰ 75 গৰাকী বিষয়া আৰু জোৱান শ্বহীদ হৈছিল ৷ ৰাজধানী ৰায়পুৰৰ পৰা 540 কিলোমিটাৰ নিলগৰ মুকৰানা জংঘলত সংঘটিত হৈছিল এই আক্ৰমণ ৷ ইয়াৰ প্ৰায় চাৰিবছৰ পিচত এই অঞ্চলটো মাওবাদ মুক্ত ঘোষণা কৰাৰ লগতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল চিআৰপিএফে

2014 চনৰ 11 মাৰ্চত চুকমাৰ জেৰাম ঘাটিৰ টংপাল গাঁৱত একেই ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছিল চিআৰপিএফ আৰু ৰাজ্যিক আৰক্ষীৰ ওপৰত ৷ প্ৰায় 100 গৰাকী নক্সালবাদীয়ে চাৰিওফালৰ পৰা ঘেৰি লৈ সংঘটিত কৰা এম্বুশ্বত শ্বহীদ হৈছিল 15 গৰাকী নিৰাপত্তা বাহিনীৰ জোৱান

2014 চনৰ 1 ডিচেম্বৰত চুকমাৰ কাছলপাৰা গাঁৱত চিআৰপিএফৰ ওপৰত সংঘটিত আক্ৰমণত দুগৰাকী বিষয়াকে ধৰি শ্বহীদ হৈছিল 14গৰাকীকৈ চিআৰপিএফ জোৱান ৷ এই সংঘৰ্ষত ছয়গৰাকী নক্সালবাদীও নিহত হৈছিল ৷

2017 চনৰ 11 মাৰ্চত চুকমাত এটা পথ পৰিবহন সংস্থাক নিৰাপত্তা প্ৰদান কৰি থকা অৱস্থাত 100 গৰাকী চিআৰপিএফ জোৱানৰ ওপৰত সংঘটিত হৈছিল এক ভয়ংকৰ এম্বুশ্ব ৷ এই আক্ৰমণত 12 গৰাকীকৈ চিআৰপিএফ জোৱান শ্বহীদ হৈছিল ৷ এই ঘটনাৰ প্ৰায়এমাহ পিচত এপ্ৰিলৰ 24 তাৰিখেআন এক আক্ৰমণ সংঘটিত কৰিছিল মাওবাদীয়ে, য'ত 25 গৰাকী চিআৰপিএফ জোৱান শ্বহীদ হোৱাৰ লগতে 7 গৰাকী আহত হৈছিল ৷ চিআৰপিএফৰ 74 বেটালিয়নৰ ওপৰত চুকমাৰ বুৰকপাল কেম্পত সংঘটিত হোৱা এই আক্ৰমণত 12 গৰাকী মাওবাদী নিহতহৈছিল ৷

Last Updated : Mar 22, 2020, 7:14 PM IST

ABOUT THE AUTHOR

...view details