ত্ৰিপুৰা, ২৩ এপ্ৰিল: নিৰ্বাচন কমিছনৰ ভূমিকাত সন্তুষ্টি প্ৰকাশ কৰিছে চি পি আই এম দলৰ নেত্ৰী তথা ত্ৰিপুৰাৰ প্ৰাক্তন সমাজ কল্যাণ মন্ত্ৰী বিজিতা নাথে । চি পি আই এম দলৰ প্ৰাৰ্থী জিতেন্দ্ৰ চৌধুৰী জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলিও জানিবলৈ দিয়ে নেত্ৰীগৰাকীয়ে । লগতে তেওঁ মন্তব্য কৰে যে, দুখন বিধানসভা কেন্দ্ৰ যথাক্ৰমে বাঘবাসা আৰু কুৰ্তী কদমতলা কেন্দ্ৰ ঘূৰি তেওঁ বুজি পাইছে যে সকলো স্থানত নিৰ্বাচন ভালদৰে সম্পন্ন হৈছে ।
নিৰ্বাচন কমিছনৰ ভূমিকাত সন্তুষ্ট বিজিতা নাথ - ETV BHARAT
ত্ৰিপুৰাৰ প্ৰাক্তন সমাজ কল্যাণ মন্ত্ৰী বিজিতা নাথৰ সৈতে সাক্ষাৎকাৰত জনাই যে, নিৰ্বাচন কমিছনৰ ভূমিকাত তেওঁ সন্তুষ্ট । চি পি আই এম দলৰ প্ৰাৰ্থী জিতেন্দ্ৰ চৌধুৰী জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে চি পি আই এমৰ নেত্ৰীগৰাকীয়ে । চি পি আই এম - কংগ্ৰেছৰ গোপন বুজাবুজি অসম্ভৱ তেওঁ মন্তব্য কৰে ।
EX MINISTER BIJITA NATH'S INTERVIEW
সাংবাদিকে কংগ্ৰেছৰ সৈতে চি পি আই এমৰ গোপন বুজাবুজি হৈছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, এইয়া কেতিয়াও সম্ভৱ নহয় ।