অসম

assam

ETV Bharat / bharat

বানৰ প্ৰৱল সোঁতে ছিঙিলে তিলৱা নদীৰ মথাউৰি

অধিক ভয়াবহ হৈ পৰিছে বিহাৰৰ বান পৰিস্থিতি । শেহতীয়াকৈ বানে ছিগিলে পূৱ চম্পাৰন জিলাৰ মতিহাৰিৰ তিলৱা নদীৰ ওপৰৰ মথাউৰিটো । ফলত সমগ্ৰ অঞ্চল অধিক ক্ষতিগ্ৰস্ত হ'ব লগা হৈছে । নদীখনৰ জলস্তৰ ভয়াবহভাৱে বৃদ্ধি আৰু বানৰ প্ৰৱল সোঁতৰ বাবেই ছিগিল মথাউৰিটো ।

By

Published : Jul 24, 2020, 12:58 PM IST

Bihar floods: Embankment on Tilawe river in Motihari damaged
বানৰ প্ৰৱল সোঁতে চিঙিলে বিহাৰৰ মতিহাৰিৰ তিলৱা নদীৰ মথাউৰি

নিউজ ডেস্ক,২৪জুলাই: ভয়াবহ ভাৱে বৃদ্ধি পাই অহা তিলৱা নদীৰ জলস্তৰ আৰু পানীৰ প্ৰৱল সোঁতে শুকুৰবাৰে ছিঙি লৈ গ'ল পূৱ চম্পাৰন জিলাৰ মতিহাৰিৰ ওপৰৰ মথাউৰিটো ।

জানিব পৰা মতে, ফুলৱাৰ দক্ষিণ পঞ্চায়তৰ চিতান গাঁৱৰ কাষত ছিগিছিল এই মথাউৰিটো । যাৰ ফলত চিতান গাঁৱকে ধৰি দাঁতি কাষৰীয়া সমগ্ৰ গাঁওসমূহ হঠাতে বানৰ কৱলত পৰিব লগা হ'ল । মতিহাৰিৰ এই মথাউৰিটো ছিগি যোৱাৰ ফলত ষ্টেট হাইৱে প্ৰজেক্টটোও বানত কৱলত সোমাই পৰিছে ।

ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাচতে চৰকাৰী লোকৰ লগতে উদ্ধাৰকাৰী দল উপস্থিত হৈ পৰিস্থিতি অধ্যয়ন কৰাৰ লগতে বানাক্ৰান্ত সকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰিছে ।

বৃহস্পতিবাৰলৈকে ৰাজ্যখনৰ বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰা পৰিলক্ষিত হৈছে । ৰাজ্যখনৰ ১০খন জিলাৰ প্ৰায় ৭.৬৫লাখ লোক বানত আক্ৰান্ত হৈছে । অৱশ্যে এই পৰ্যন্ত কোনো লোকৰ মৃত্যুৰ বাতৰি অহা নায় ।

ইতিমধ্যে NDRF আৰু SDRFৰ উদ্ধাৰ কাৰী দলে বান বিধ্বস্ত অঞ্চল সমূহত চলাই গৈছে উদ্ধাৰ অভিযান । এই পৰ্যন্ত ৩৬,৪৪৮ গৰাকী লোকক বানৰ কৱলৰ পৰা উদ্ধাৰ কৰা হৈছে ।

লগতে পঢ়ক :বান বিভীষিকা : ৰাজ্যত বানে প্ৰাণ ল'লে 93 গৰাকীৰ

ABOUT THE AUTHOR

...view details