নিউজ ডেস্ক,28 জুনঃএক অধ্যনয়ত প্ৰকাশ পাইছে ভয়ংকৰ তথ্য ৷ প্ৰতিটো সপ্তাহত মানৱ দেহত প্ৰৱেশ কৰিছে 50 গ্ৰামকৈ প্লাষ্টিক ৷ এই অনুপাতে প্ৰতিটো মাহত মানুহে ভক্ষণ কৰি আহিছে 250 গ্ৰাম প্লাষ্টিক ৷ লক্ষ্যণীয় যে, পেকিং কৰা পানী বটল সেৱন কৰাৰ নামত মানুহৰ শৰীৰত প্ৰৱেশ হৈ আহিছে মাইক্ৰ প্লাষ্টিক ৷ অষ্ট্ৰেলিয়াৰ কেচ্টেল বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য ৷ আনহাতে সমুদ্ৰীয় মাছ,বিয়েৰ,সমুদ্ৰৰ নিমখৰ দ্বাৰাও আমাৰ দেহত প্ৰৱেশ হৈ আহিছে প্লাষ্টিক ৷
beware-you-are-eating-plastic আপুনি জানানে নে ?
বিগত দুটা দশকত প্লাষ্টিকৰ উৎপাদন অত্যাধিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে ৷ গ্ৰেণ্ড ভিওৰ এক অধ্যয়নত প্ৰকাশ পাইছে যে, 2025 বৰ্ষলৈ সমগ্ৰ বিশ্বত 4 শতাংশ কৈ বৃদ্ধি পাব প্লাষ্টিকৰ উদ্যোগ ৷ মাইক্ৰ প্লাষ্টিক সাধাৰণতে নিৰ্মাণকাৰী প্ৰতিষ্ঠানত ব্যৱহাৰ কৰা হয়,সাধাৰণতে ত্ৰি-ডি প্ৰিণ্টিং ক্ষেত্ৰত ৷ ইয়াৰে তৈয়াৰ হোৱা প্ৰায় 75 শতাংশতকৈ অধিক প্লাষ্টিকে হৈছে নন বায়ডিগ্ৰেডেবুল (Non-Biodegradable) ৷ প্ৰতিটো বছৰে সমগ্ৰ বিশ্বত প্ৰায় 10 কোটি টন প্লাষ্টিক আৱৰ্জনা ৰূপে নিৰ্গত হয় ৷ ইয়াৰে 24 লাখ টন প্লাষ্টিক প্ৰতি বছৰে নদীয়ে কঢ়িয়াই নি সমুদ্ৰ পৃষ্ঠত পেলায় ৷ যিটো পৰিৱেশৰ বাবে এক চিন্তনীয় বিষয় ৷
মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি-
- মাইক্ৰ প্লাষ্টিক সেৱনৰ ফলত মানুহৰ পাচন শক্তিত ব্যাপক প্ৰভাৱ পৰে ৷ মাইক্ৰ প্লাষ্টিকে মানুহৰ পাচনতন্ত্ৰত নিৰ্গত কৰে বিষাক্ত পদাৰ্থ ৷
- মাছে যেতিয়া প্লাষ্টিক সমূহ ভক্ষণ কৰে তেতিয়া বহু অৱশিষ্ট প্লাষ্টিক মাছৰ মস্তিষ্কত প্ৰৱেশ কৰে ৷ তেতিয়া তেওঁলোকৰ আচৰণত পৰিৱৰ্তন দেখা পোৱা যায় ৷ অৱশ্য এইয়া এতিয়াও স্পষ্ট নহয় যে,মানৱ মস্তিষ্কত প্ৰৱেশ কৰে নে নাই মাইক্ৰ প্লাষ্টিক ৷
কেনেকৈ ইয়াক ৰোধ কৰিব...
- এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া কেৰি বেগ আৰু বটল ব্যৱহাৰৰ সলনি শকত আৰু দীৰ্ঘম্যাদী বটল আৰু কেৰি বেগ ব্যৱহাৰ কৰাৰ প্ৰয়োজন ৷
- বাসগৃহত ধূলি কণা জমা হ’বলৈ নিদিব ৷
- পৰিষ্কাৰ তথা বিশুদ্ধ পানী সেৱন কৰিব,অ-পৰিষ্কাৰ পানী সেৱনৰ পৰা বিৰত থাকক
- বিশুদ্ধ নিমখৰ ব্যৱহাৰ কৰিব লাগে ৷
কেনেকৈ প্ৰৱেশ কৰে মানুহৰ দেহত এই প্লাষ্টিক-
- সমুদ্ৰীয় খাদ্যঃ সমুদ্ৰীয় খাদ্যৰ যোগেদি প্ৰৱেশ কৰে প্লাষ্টিকে মানুহৰ দেহত ৷ মাছ,কাছ আদিয়ে প্লাষ্টিকৰ সৰু সৰু টুকুৰা সমূহ ভক্ষণ কৰে ৷
- টায়াৰঃ বৰষুণৰ পানীত টায়াৰৰ পৰা নিৰ্গত হোৱা বিষাক্ত পদাৰ্থ পানী দূষিত কৰে ৷ যিটো পিচত মানুহৰ দেহত প্ৰৱেশ কৰে ৷
- পলিষ্টাৰ জেকেটঃ যেতিয়া পলিষ্টাৰৰ জেকেট ধোৱা হয় তেতিয়া প্ৰায় 1900 প্লাষ্টিকৰ কণিকা নিৰ্গত হয় বায়ুমণ্ডলত ৷
- সমুদ্ৰীয় নিমখঃ সাগৰৰ নিমখৰ জৰিয়তেই মানুহৰ দেহলৈ মাইক্ৰ প্লাষ্টিক প্ৰৱেশ হয় ৷