অসম

assam

ETV Bharat / bharat

গৱেষক ছাত্ৰ জড়িত আছিল কাশ্মীৰৰ কাৰ বোমা বিস্ফোৰণত - PhD Scholar Arrested

জম্মু কাশ্মীৰৰ বনিহালত বিগত 30 মাৰ্চত সংঘটিত হৈছিল কাৰ বোমা বিস্ফোৰণ ৷ লক্ষণীয়ভাৱে এই ঘটনাৰ সৈতে জড়িত আছিল ৰাজ্যখনৰ এগৰাকী উচ্চশিক্ষিত যুৱক ৷

সৌজন্যঃ ANI

By

Published : Apr 30, 2019, 2:47 PM IST

নিউজ ডেস্ক, 30 এপ্ৰিলঃ জম্মু কাশ্মীৰৰ বনিহালত এমাহ পূৰ্বে সংঘটিত হোৱা কাৰ বোমা বিস্ফোৰণৰ তদন্তত আৰক্ষীয়ে লাভ কৰিছে বিশেষ সফলতা ৷ পুলৱামাৰ বিধ্বংসী আত্মঘাতী আক্ৰমণৰ পৰৱৰ্তী সময়ত ৰাজ্যখনৰ বনিহালত পুনৰ সংঘটিত হৈছিল এক কাৰ বোমা বিস্ফোৰণ ৷ সম্পূৰ্ণ এমাহ সময়ৰ বিৰতিৰ অন্তত আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত 6গৰাকী লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

আৰু পঢ়ক হয়, আমাৰ দেশত সন্ত্ৰাসবাদীৰ ঘাটি আছেঃ পাকিস্তান

এক সংবাদমেলযোগে জম্মু কাশ্মীৰ আৰক্ষীৰ আৰক্ষী মহাপৰিদৰ্শক মনিষ কুমাৰ সিনহাই প্ৰকাশ কৰিছে এই তথ্য ৷ অভিযুক্তসকলৰ ভিতৰত হিলাল আহমেদ মান্টো নামে এগৰাকী গৱেষক ছাত্ৰও আছে আৰু এইগৰাকী অভিযুক্তৰ নেতৃত্বতে উক্ত কাৰ বোমা বিস্ফোৰণটো সংঘটিত হৈছিল ৷ বহুদিনৰ পৰাই সন্ত্ৰাসবাদমূলক কাৰ্যকলাপৰ সৈতে জড়িত আছিল ধৃত হিলাল আহমেদ মান্টো ৷ উল্লেখ্য যে, 30 মাৰ্চৰ উক্ত বিস্ফোৰণত চি আৰ পি এফৰ এখন বাছ কিছু পৰিমানে ক্ষতিগ্ৰস্থ হৈছিল ৷

ABOUT THE AUTHOR

...view details