কাপোৰৰ বিপনী এখনত কৰ্মৰত এজন ব্যক্তিক(৪০) কৰ’না পজিটিভ পোৱা গ’ল ৷ কিন্তু তেওঁৰ দেহত কোনো লক্ষণ নাছিল ৷ আনকি তেওঁ কাৰ দাৰা সংক্ৰমিত হৈছে সেয়াও জানিব পৰা নগ’ল ৷ ওচৰৰে চিকিৎসালয় এখনত অন্য লোকসকলৰ লগতে তেওঁ পৰীক্ষা কৰালে ৷ তেওঁ এতিয়া ঘৰতে পৃথককৈ বাস কৰি আছে আৰু চিকিৎসাকৰ্মীসকলে দিয়া ঔষধ সেৱন কৰি আছে ৷ যদিও আৰম্ভণিতে তেওঁৰ শৰীৰত সামান্য জ্বৰ আৰু কাহৰ লক্ষণ আছিল; সাতদিনৰ ভিতৰত এই লক্ষণসমূহ ক্ৰমান্বয়ে কমি আহিবলৈ ধৰে আৰু সোতৰ দিনৰ ভিতৰত সম্পূৰ্ণ লোপ পাই ৷ তথাপিও চাৰি সপ্তাহৰ পাচতো বিপনিখনৰ গৰাকীয়ে তেওঁক কৰ্তব্যলৈ যাবলৈ অনুমতি নিদিয়ে ৷ যিহেতু তেওঁ এমাহ ধৰি কৰ্তব্যত উপস্থিত নাছিল ৷ গতিকে তেওঁক উক্তমাহৰ দৰমহাৰ পৰা বঞ্চিত কৰা হৈছিল ৷ তেওঁ কয়, সেয়ে পৰিয়ালটোৰ বাবে যাৱতীয় খৰচ পাতি যোগাৰ কৰাত যথেষ্ট কঠিনতাই দেখা দিছিল ৷
এগৰাকী ঘৰত বনকৰা(৩২) মহিলাৰ দেহতো ক’ভিড-19 পজিটিভ পোৱা গৈছিল ৷ আৱাসিক এলেকাটোৰ সকলো নিৱাসীৰ বাবে অনুস্থিত ক’ভিড-19 পৰীক্ষণৰ সময়ত তেওঁকো পৰীক্ষা কৰা হয় আৰু তেওঁৰ শৰীৰত ক’ভিড-19ৰ বীজাণু ধৰা পৰে ৷ কিন্তু তেওঁৰ দেহত কৰ’নাৰ কোনো লক্ষণ নাছিল ৷ যি নহওক, তেওঁ জি এইচ এম চিৰ কৰ্মচাৰীসকলে দিয়া ঔষধ ব্যৱহাৰ কৰে ৷ ইয়াৰ পাচত দেহত কোনো লক্ষণ নোহোৱাকৈয়ে দহ দিন পাৰ হয় ৷ কিন্তু আৱাসিক এলেকাটোৰ তৰফৰ পৰা তেওঁক স্পষ্ট কৰি দিয়া হয় যে আৰু দুসপ্তাহৰ বাবে তেওঁক উক্ত আৱাসিক চৌহদৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব ৷ মহিলাগৰাকীৰ স্বামী এজন অট’ৰিক্সা চালক আৰু দুয়ো দুটা সন্তানৰ পিতৃ-মাতৃ ৷ কিন্তু বৰ্তমান পৰিস্থিতিৰ বাবে তেওঁৰ ব্যৱসায়ো বন্ধ হৈ আছে ৷ আনহাতে মহিলা গৰাকীও নিজৰ কামলৈ যাব পৰা নাই আৰু এই আৰ্থিক টনাটনিয়ে পৰিয়ালটোৰ শ্বাস ৰুদ্ধ কৰি পেলাইছে ৷
কি কৰ্মচাৰী ? কি ব্যৱসায়ী ? কি শ্ৰমিক ? সকোলকে কৰ’নাই এফালৰ পৰা গ্ৰাস কৰিছে ৷ যদি কিবা কাৰণত আপোনাৰ দেহত কৰ’নাৰ বীজাণু ধৰা পৰে, তেনেহ’লে আপুনি সপ্তাহৰ পাচত সপ্তাহ ধৰি কৰ্তব্যৰ পৰা বিৰত থাকিব লাগিব ৷ আনকি বহু লোক কোনো লক্ষণ নথকাকৈয়ে এমাহতকৈও অধিক সময় নিজৰ ঘৰতে বন্দী হৈ থাকিব লগা হৈছে ৷ এই পৰিঘটনাবোৰে সাধাৰণ জীৱন যাত্ৰাত এক সাংঘাটিক প্ৰভাৱ পেলাইছে ৷ সপ্তাহৰ পাচত সপ্তাহ ধৰি কৰ্মহীন হৈ কটোৱাৰ বাবে দৈনিক মজুৰি কৰি খোৱা শ্ৰমিকসকলে এক দূৰ্বিসহ সময় পাৰ কৰিব লগা হৈছে ৷ বহুতে এইটো স্পষ্ট কৰি দিছে যে তেওঁলোকে এই দৈনিক মজুৰি কৰা শ্ৰমিকসকলৰ পৰা কৰ’না পৰীক্ষণৰ ‘নিগেটিভ’ প্ৰমাণপত্ৰখন নোপোৱালৈকে তেওঁলোকক কামত মকৰল কৰিব নোৱাৰিব ৷ ভুক্তভোগীসকল পৰিস্থিতিৰ মেৰপেচত পৰি এক নিৰাশাজনক দুৰ্দোল্যমান অৱস্থাত ৰৈছে ৷
প্ৰসিদ্ধ চিকিৎসক ড৹ এম ভি ৰাওৱে তেওঁৰ আগত ক’ভিড-19ৰ সম্পৰ্কত উৎথাপিত সন্দেহসমূহ দূৰ কৰি স্পষ্ট কৰি কয় যে ভাৰতীয় চিকৎসা গৱেষণা পৰিষদে (আই চি এম আৰ) জাৰি কৰা নিৰ্দেশনাত এইটো ইতিমধ্যে স্পষ্ট কৰি দিয়া হৈছে যে যিসকল লোক কোনো লক্ষণ নোহোৱাকৈ ‘পজিটিভ’ তেওঁলোক সোতৰ দিনৰ পাচত কৰ্তব্যলৈ উভটিব পাৰিব ৷ ইয়াত আৰু কোৱা হৈছে যে উল্লেখিত নিৰ্দিষ্ট সময়সীমাৰ পাচত পুনঃপৰীক্ষণৰ কোনো প্ৰয়োজনীয়তা নাছিল ৷
আইচ’লেচন হ’ব মাত্ৰ ১০+৭ দিনৰ কাৰণেহে :