অসম

assam

ETV Bharat / bharat

কৰ'নিলৰ প্ৰচাৰ বন্ধ কৰিবলৈ পতঞ্জলিক নিৰ্দেশ আয়ুস মন্ত্ৰালয়ৰ

মংগলবাৰে যোগ গুৰু বাবা ৰামদেৱে পতঞ্জলি আয়ুৰ্বেদ লিমিটেডৰ দ্বাৰা প্ৰস্তুত কৰা কৰ'ণিল নামৰ ঔষধে কভিড-১৯ ৰ ৰোগী সকলক সাত দিনৰ ভিতৰত সুস্থ কৰিব পৰা যাব বুলি দাবী কৰে ।

By

Published : Jun 23, 2020, 9:33 PM IST

ayush-ministry-tells-patanjali-to-stop-advertising-on-coronil-and-swasari
ayush-ministry-tells-patanjali-to-stop-advertising-on-coronil-and-swasari

নিউজ ডেস্ক, ২৩ জুন :মংগলবাৰে যোগ গুৰু বাবা ৰামদেৱে পতঞ্জলি আয়ুৰ্বেদ লিমিটেডৰ দ্বাৰা প্ৰস্তুত কৰা কৰ'ণিল নামৰ ঔষধে কভিড-১৯ ৰ ৰোগী সকলক সাত দিনৰ ভিতৰত সুস্থ কৰিব পৰা যাব বুলি দাবী কৰে । এই ঘটনাৰ পাছতে আয়ুস মন্ত্ৰালয়ে ৰামদেৱলৈ এক জাননী প্ৰেৰণ কৰি এই ঔষধৰ বিজ্ঞাপন মুকলি কৰা আৰু এই দাবী সমূহক সাৰ্বজনীন কৰাৰ ক্ষেত্ৰত বাধা‌ আৰোপ কৰিছে ।

আয়ুস মন্ত্ৰালয়ে নে পতঞ্জলিক ঔষধৰ গৱেষণা, আৰু অনুসন্ধানৰ পৰিণাম আৰু এই ঔষধৰ গৱেষণা কৰা চিকিৎসালয় সমূহৰ সম্পূৰ্ণ তথ্য প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ।

কৰ'নিলৰ প্ৰচাৰ বন্ধ কৰিবলৈ পতঞ্জলিক নিৰ্দেশ আয়ুস মন্ত্ৰালয়ৰ

কোম্পানীটোক এই ঔষধৰ বাবে কোনো বিভাগীয় কৰ্তৃপক্ষৰ পৰা অনুমতি লাভ কৰিছিল নে নাই বা এই ঔষধৰ পৰীক্ষণৰ বাবে পঞ্জীয়ন কৰা হৈছিল নে নাই আদি তথ্য বিচাৰি এই জাননী প্ৰেৰণ কৰা হয়।

মন্ত্ৰালয়টোৱে উত্তৰাখণ্ডৰ চৰকাৰৰ ৰাজ্য লাইচেজিংগ প্ৰাধিকৰণকো উক্ত বিষয় সন্দৰ্ভত সকলো ধৰণৰ প্ৰমাণ আৰু নথি পত্ৰ বিচাৰিছে । লগতে মন্ত্ৰালয়ে জনায় যে, আয়ুৰ্বেদিক ঔষধ সমূহ ১৯৫৪ চনৰ Rules thereunder and the directives আইনৰ অধীনত নিয়ন্ত্ৰিত হয় । লগতে মন্ত্ৰালয়ে ২০২০ চনৰ ২১ এপ্ৰিলত এখন ৰাজপত্ৰ অধিসূচনা জাৰি কৰিছিল যিখন অধিসূচনাত সংখ্যা L.11011/8/2020/AS ৰ জৰিয়তে কোভিড-১৯ ৰ সন্দৰ্ভত কেনেকৈ ঔষধ প্ৰস্তুত কৰিব লাগে তাৰ অধিসূচনা জাৰি কৰিছিল ।

লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তৱৰ্তী লায়লাপুৰত মিজো দুষ্কৃতিৰ আগ্ৰাসন

ABOUT THE AUTHOR

...view details