অসম

assam

ETV Bharat / bharat

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অৱসৰলৈ আঠ দিন....

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাত গঠিত পাঁচজনীয়া বিচাৰপীঠে যোৱা 16 অক্টোবৰত এই ৰায়দান প্ৰক্ৰিয়া সংৰক্ষিত কৰি ৰাখিছিল ৷ উত্তৰপ্ৰদেশৰ অযোধ্যা জিলাৰ বহুবিতৰ্কিত ভূমি বিবাদৰ বিষয়টো সম্পৰ্কত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নিয়মিতভাৱে একেৰাহে 40 দিন শুনানি গ্ৰহণ কৰিছিল ৷

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অৱসৰলৈ আঠ দিন....

By

Published : Nov 8, 2019, 6:46 PM IST

নিউজ ডেস্ক, নৱেম্বৰ 7 :দেশৰ প্ৰধান বিচাৰপতি ৰঞ্জন গগৈয়ে অহা 17 নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব ৷ অৱসৰ গ্ৰহণৰ পূৰ্বে তেওঁ ছটা গুৰুত্বপূৰ্ণ গোচৰত ৰায়দান কৰাৰ সম্ভাৱনা আছে ৷ এইসমূহৰ ভিতৰত বহু প্ৰত্যাশিত অযোধ্যা-বাবৰি মছজিদ গোচৰটোৰ ৰায়দান অন্যতম হ'ব ৷ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাত গঠিত পাঁচজনীয়া বিচাৰপীঠে যোৱা 16 অক্টোবৰত এই ৰায়দান প্ৰক্ৰিয়া সংৰক্ষিত কৰি ৰাখিছিল ৷ উত্তৰপ্ৰদেশৰ অযোধ্যা জিলাৰ বহুবিতৰ্কিত ভূমি বিবাদৰ বিষয়টো সম্পৰ্কত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নিয়মিতভাৱে একেৰাহে 40 দিন শুনানি গ্ৰহণ কৰিছিল ৷ ভগৱান শ্ৰীৰামৰ জন্মস্থান ৰূপে হিন্দু ধৰ্মাৱলম্বী পক্ষই আত্মপক্ষৰ সমৰ্থনত যুক্তি আৰু তথ্য দাখিলৰ বিপৰীতে ইছলাম ধৰ্মীয় পক্ষই কেৱল বিশ্বাসৰ আধাৰত ন্যায় প্ৰক্ৰিয়া সম্পাদিত নহয় বুলি প্ৰতিপক্ষৰ যুক্তিক প্ৰত্যাখান কৰে ৷ দুয়ো পক্ষই আত্মপক্ষৰ সমৰ্থনত ব্ৰিটিছ শাসন কালৰে পৰা পঞ্জীয়নভুক্ত হৈ থকা মাটিৰ দলিল আদিকে ধৰি বিভিন্ন নথি-পত্ৰ তথা ইতিহাসবিদসকলৰ বিভিন্ন প্ৰতিবেদন, লেখ আদি ন্যায়ালয়ত দাখিল কৰিছে ৷

সাবৰিমালা গোচৰ :

ৰাফেল চুক্তি :
ৰাফেল চুক্তিৰ বিতৰ্ক লৈ বিগত 14 ডিচেম্বৰত সৰ্বোচ্চ ন্যায়ালয়ে পুনৰ তদন্ত সম্পৰ্কত নাকচ কৰা ৰায়টোৰ ওপৰত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ এছ কে ক'ল আৰু ন্যায়াধীশ কে এম জোচেফৰ বিচাৰপীঠে উক্ত ৰায়টোৰ পুনৰীক্ষণৰ বাবে জনোৱা আৱেদন সম্পৰ্কত দিবলগীয়া ৰায়দান সংৰক্ষিত কৰি ৰাখিছিল ৷

ৰাফেল চুক্তি :

বিশিষ্ট অধিবক্তা প্ৰশান্ত ভূষণ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ক্ৰমে যশোৱন্ত সিন্হা আৰু অৰুণ চৌৰীয়ে সৰ্বোচ্চ ন্যায়ালয়ত ৰাফেল চুক্তিৰ তদন্তৰ বাবে অন্তিমটো ৰায়দানৰ বিপৰীতে পুনৰীক্ষণৰ আৱেদন জনাইছিল ৷ উল্লেখ্য যে, ফ্ৰান্সৰ কোম্পানী ডাচল্টৰ সৈতে ৰাফেল যুঁজাৰু বিমানৰ চুক্তি সম্পৰ্কত ৰিলায়েঞ্চৰ মধ্যস্থতাকাৰীৰ ভূমিকা সন্দৰ্ভত চৰকাৰে তথ্য গাপ দিয়াৰ কিছুমান গোপন তথ্য সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ৷ এটৰ্নী জেনেৰেল কে কে বেনুগোপালে যুক্তি দৰ্শাইছিল যে, সংবাদ মাধ্যমত প্ৰকাশিত তথ্যসমূহ কৰ্তৃত্বহীনভাৱে প্ৰকাশ কৰি কাৰ্যালয়ৰ গোপন বিধি উলংঘা কৰিছে ৷ কিন্তু বিচাৰপীঠে এই অভিযোগ অস্বীকাৰ কৰি কয় যে, অবৈধভাৱে সংগ্ৰহ কৰা তথ্যই ন্যায়পালিকাৰ প্ৰক্ৰিয়াক প্ৰভাৱিত নকৰে ৷ এই ঘটনা সংক্ৰান্তত চৰকাৰী তথ্য ৰাজহুৱা কৰা চৰকাৰী বিষয়াৰ বিৰুদ্ধেও আদালতে গোচৰটোত অভিযোগনামা সংলগ্ন কৰিছে ৷

সাবৰিমালা গোচৰ :
সাবৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশ সম্পৰ্কীয় বিষয়টোত সৰ্বোচ্চ ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে যোৱা ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখে পুনৰীক্ষণৰ এক আৱেদন সন্দৰ্ভত দিনযোৰা শুনানিৰ পাচত ৰায়দান সংৰক্ষিত কৰি ৰাখে ৷ 2018 চনৰ 28 ছেপ্টেম্বৰত সসাবৰিমালা মন্দিৰত সকলো মহিলাৰ প্ৰৱেশৰ অধিকাৰ আছে বুলি ন্যায়লয়ে এক ৰায় প্ৰদান কৰাৰ পাচত বিষয়টো লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল ৷ ৰায়দানটোৰ পুনৰীক্ষণৰ বাবে জনোৱা আৱেদনত যুক্তি দৰ্শোৱা হৈছে যে, বিশ্বাসৰ বিপৰীতে সাংবিধানিক অধিকাৰৰ বিষয়টো এটা বিষয়গত পৰীক্ষণ হে হ'ব পাৰে ৷ ধৰ্মীয় বিশ্বাসক কোনো পৰীক্ষাত লোৱাটো উচিত নহয় ৷ সাবৰিমালা মন্দিৰৰ ঐতিহাসিক পৰম্পৰাক নুবুজাকৈয়ে এনে ৰায়দান কৰা হৈছিল বুলি পুনৰীক্ষণ আৱেদনত যুক্তি দৰ্শোৱা হৈছে ৷

অযোধ্যা-বাবৰি মছজিদ গোচৰ

ABOUT THE AUTHOR

...view details