উচ্চতম ন্যায়ালয়ত অযোধ্যা বিবাদ গোচৰ শুনানিৰ ষষ্ঠ দিন - জাহাংগীৰ
অধিবক্তা চি.এচ.বৈদ্যনাথনে আক্বৰ আৰু জাহাংগীৰ ৰজাৰ সময়ত ভাৰতলৈ অহা ভ্ৰমণকাৰী উইলিয়াম ফিন্চ,উইলিয়াম হকিন্সৰ লিখনীত থকা অযোধ্যাৰ উল্লেখ থকাৰ কথা অৱতাৰণা কৰি কয় যে উইলিয়াম ফচটাৰ্চৰ কিতাপ 'Early Travels in India'ত থকা 7 গৰাকী ইংৰাজ ভ্ৰমণকাৰীৰ বৰ্ণনাত অযোধ্যা আৰু ৰাম মন্দিৰৰ কথা উল্লেখ আছে ৷
নিউজ ডেস্ক, 14 আগষ্টঃ বুধবাৰে পুৱা 10:50 মিনিটৰ পৰা আৰম্ভ হয় অযোধ্যা বিবাদ গোচৰৰ শুনানি ৷ বুধবাৰে ৰাম লাল্লা বিৰাজমৰ পক্ষত তথ্য আগবঢ়োৱাৰ কথা আছিল অধিবক্তা চি.এচ.বৈদ্যনাথনে ৷ তেওঁ আজিৰ শুনানিত ঐতিহাসিক আৰু পুৰাতাত্বিক তথ্য প্ৰমাণ আগবঢ়োৱাৰ কথা আছিল ৷ অধিবক্তা চি.এচ.বৈদ্যনাথনে আক্বৰ আৰু জাহাংগীৰ ৰজাৰ সময়ত ভাৰতলৈ অহা ভ্ৰমণকাৰী উইলিয়াম ফিন্চ, উইলিয়াম হকিন্সৰ লিখনীত থকা অযোধ্যাৰ কথা উল্লেখ কৰি কয় যে উইলিয়াম ফচটাৰ্চৰ কিতাপ 'Early Travels in India'ত থকা 7 গৰাকী ইংৰাজ ভ্ৰমণকাৰীৰ বৰ্ণনাত অযোধ্যা আৰু ৰাম মন্দিৰৰ কথা উল্লেখ আছে ৷