নেশ্বনেল ডেস্ক, 2 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ ক্ৰমাৎ ভয়াৱহ হৈছে দেশৰ পৰিস্থিতি ৷ বিগত বৰ্ষৰ 20 ডিচেম্বৰতউত্তৰ প্ৰদেশৰ মিৰাটতনাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰে সমগ্ৰ মিৰাট চহৰ ৷
প্ৰসংগ "CAA " : জীৱন্তে জ্বলোৱাৰ চেষ্টা 30-35 জনীয়া আৰক্ষীৰ দলক - জীৱন্তে জ্বলোৱাৰ চেষ্টা 30-35 জনীয়া আৰক্ষীৰ দলক
উত্তৰ প্ৰদেশৰ মিৰাটত CAA প্ৰতিবাদকাৰীয়ে জীৱন্তে জ্বলোৱাৰ চেষ্টা কৰে 30 ৰ পৰা 35 জনীয়া এটা আৰক্ষীৰ দলক..
উত্তৰ প্ৰদেশ আৰক্ষীৰ অভিযোগ অনুসৰি উক্ত দিনটোত পৰিস্থিতি ইমানেই ভয়ানক হৈ পৰে যে প্ৰতিবাদকাৰীয়ে ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ লগতে প্ৰতিবাদকাৰীক ৰোধ কৰিবলৈ অহা আৰক্ষীৰ এটা 30 ৰ পৰা 35 জনীয়া দলক জীৱন্তে অগ্নিদগ্ধ কৰিবলৈ চেষ্টা কৰে ৷ পৰৱৰ্তী সময়ত অধিক সংখ্যক আৰক্ষী মোটায়েন কৰি ঘটনাস্থলীৰ পৰা 30 ৰ পৰা 35 জনীয়া আৰক্ষীৰ দলটোক উদ্ধাৰ কৰে ৷ আৰক্ষী অধীক্ষকৰ ভাষ্য অনুসৰি, উচিত সময়ত আৰক্ষী দল মোটায়েন কৰা বাবেহে প্ৰতিবাদকাৰীৰ হাতৰ পৰা প্ৰাণ ৰক্ষা পৰে আৰক্ষী দলটোৰ ৷
লগতে পঢ়ক: মহানগৰীৰ গড়কাপ্তানী বিভাগৰ প্ৰেক্ষাগৃহত ৰঞ্জিত দাসৰ সংবাদমেল