অসম

assam

কেৰালাৰ বিমান দুৰ্ঘটনা : প্ৰায় 19 জনৰ প্ৰাণহানি

By

Published : Aug 8, 2020, 2:29 PM IST

কেৰালাৰ কোজিকোডেত ভয়ংকৰ বিমান দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত 18 গৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ লগতে আঘাতপ্ৰাপ্ত হ'ল বহু কেইগৰাকী ৷

প্ৰায় 19 জনৰ প্ৰাণহানি
কেৰালাৰ বিমান দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, 8 আগষ্ট :শুকুৰবাৰে সন্ধিয়া ভাগত কেৰালাৰ কোজিকোডেত সংঘটিত হ'ল এক ভয়ংকৰ বিমান দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত 19 গৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ লগতে আঘাতপ্ৰাপ্ত হ'ল বহু কেইগৰাকী ৷ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমান ৰানৱে'ৰ পৰা পিছলি 50 ফুট দ' উপত্যকাত পৰি যোৱা ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷

কেৰালাৰ বিমান দুৰ্ঘটনা

যোৱা সন্ধিয়া প্ৰায় 7.40 বজাত ডুবাই-কালিকট এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছখনে 190 গৰাকী যাত্ৰী আৰু ষ্টাফ সদস্য কঢ়িয়াই আনিছিল ৷ উক্ত দুৰ্ঘটনাত বিমানখনত থকা দুগৰাকী পাইলট সহ 19 জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে ৷ মৃত পাইলট দুগৰাকী হৈছে পাইলট কেপ্তেইন ডি. ভি. সাথে আৰু সহ-পাইলট অখিলেশ কুমাৰ

কেৰালাৰ বিমান দুৰ্ঘটনা

কেৰালাৰ প্ৰশাসনে জানিবলৈ দিয়া অনুসৰি,190 গৰাকীৰ 128 জন পুৰুষ,46 গৰাকী মহিলা,10 টি শিশু আৰু ছয়জন ষ্টাফ সদস্য আছিল ৷ আনহাতে,টিকেট বুক কৰা অন্য 5 জন লোকে ভ্ৰমণ নকৰিলে বুলি জানিবলৈ দিয়ে প্ৰশাসনে ৷

কেৰালাৰ বিমান দুৰ্ঘটনা

মৃত পাইলটগৰাকীয়ে চূড়ান্তবাৰৰ বাবে কোজিকোডেৰ ৰানৱে'ত অৱতৰণ কৰাৰ পূৰ্বেও দুবাৰকৈ অৱতৰণ কৰাৰ চেষ্টা কৰিছিল যদিও বিফল হয় ৷ লাভ কৰা তথ্য অনুসৰি,সন্মুখৰ আসনত বহি থকা যাত্ৰীসকল গুৰুতৰভাৱে আহত হৈছে ৷ মাল্লাপুৰম জিলা কালেক্টৰ কে. গোপালাকৃষ্ণনে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া অনুসৰি, উদ্ধাৰ অভিযান ডেৰ ঘন্টাৰ ভিতৰত অন্ত পৰে আৰু 110 জন লোকক কোজিকোডে হাস্পতালত আৰু 80 জন লোকক মাল্লাপুৰম হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷ আনহাতে,মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ৷ লগতে তেওঁ জানিবলৈ দিয়ে যে,বিমানখনৰ অন্তিম অংশত আবদ্ধ হৈ পৰা দুজন লোকক বহু কষ্টেৰে উদ্ধাৰ কৰা হৈছে ৷

কেৰালাৰ বিমান দুৰ্ঘটনা

100 ৰো অধিক এম্বুলেন্স,অগ্নিনিৰ্বাপক বাহিনীৰ লোক আৰু ব্যক্তিগত বাহনে উদ্ধাৰ অভিযানত অংশ লয় ৷ চৰকাৰী বিভাগ যেনে,এনডিআৰএফ, অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীয়েও এই ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় ৷

কেৰালাৰ বিমান দুৰ্ঘটনা

লগতে পঢ়ক : এয়াৰ ইণ্ডিয়াৰ পূৰ্বে MiG-21 ৰ পাইলট আছিল দুৰ্ভগীয়া কেপ্টেইন দীপক ভি. চাথে

ABOUT THE AUTHOR

...view details