নিউজ ডেস্ক, 11 জুনঃঅসমীয়া গামোচাখন অসমীয়াৰ জাতীয় সত্বাৰ প্ৰতীক ৷ চেনেহৰ দীঘ আৰু হেঁপাহৰ বাণীৰে বোৱা গামোচাখন অসমীয়াৰ গৌৰৱ ৷ এইবাৰ অসমীয়া ধ্বজা বহনকাৰী অসমীয়া গামোচা ব্যৱহাৰ হ'ব জগন্নাথ ৰথ যাত্ৰাত ৷23 জুনৰ পৰা আৰম্ভ হ'ব লগা জগন্নাথ ৰথ যাত্ৰাত এইবাৰ ব্যৱহাৰ হ'ব অসমীয়া গামোচা ৷
পুৰীৰ জগন্নাথ ৰথ যাত্ৰাত ব্যৱহাৰ হ'ব অসমীয়া গামোচা - জগন্নাথ যাত্ৰাত সেৱক সকলে মুখাবৰণ হিচাপে ব্যৱহাৰ কৰিব অসমীয়া গামোচা
এইবাৰ জগন্নাথ যাত্ৰাত সেৱক সকলে মুখাবৰণ হিচাপে ব্যৱহাৰ কৰিব অসমীয়া গামোচা ৷
জগন্নাথ মন্দিৰৰ পৰা যি সকল সেৱকে ৰথ যাত্ৰা কৰিব তেওঁলোকে মুখাবৰণ হিচাপে ব্যৱহাৰ কৰিব অসমীয়া গামোচা ৷ যিহেতু এনে অনুষ্ঠানৰ সময়ত দীৰ্ঘ সময়ৰ বাবে ডিজাইনাৰ মাস্ক পৰিধান কৰাটো আৰামদায়ক নহয় সেয়ে প্ৰশাসনে নিৰ্ণয় কৰিছে ৷ এই সকল সেৱকে ৰথ যাত্ৰাৰ সময়ত মুখ ঢাকিবৰ বাবে ব্যৱহাৰ কৰিব অসমীয়া সমাজৰ পৰম্পৰাগত গামোচাখন ৷ তেওঁলোকৰ মতে,যথেষ্ট মসৃণ আৰু এশ শতাংশই কপাহী হোৱাৰ বাবে অসমীয়া গামোচাখন তেওঁলোকে এই আধ্যাত্মিক তথা শুভ কামত ব্যৱহাৰ কৰিব ৷ ইতিমধ্যে,ওড়িশা চৰকাৰে অসমৰ পৰা এই গামোচা আমদানি কৰিবৰ বাবে দায়িত্ব দিছে মন্দিৰ প্ৰশাসনক ৷
লগতে পঢ়কঃ বাঘজান কাণ্ডঃ দুৰ্লভ গগৈৰ মৃত্য়ুৰ ন্যায় বিচাৰিলে পৰিয়ালৰ লোকে