অসম

assam

By

Published : Aug 18, 2020, 6:33 PM IST

ETV Bharat / bharat

অসমৰ বানত ক্ষতিগ্ৰস্তলৈ ১ কোটি টকাৰ সাাহায্য অভিনেতা অক্ষয় কুমাৰৰ

প্ৰলয়ংকাৰী বানে সৰ্বস্বান্ত কৰা অসমৰ ৰাইজলৈ সহায়ৰ হাত আগবঢ়াইছে বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে। বানত ক্ষতিগ্ৰস্তলৈ ১কোটি টকাৰ সাাহায্য আগবঢ়াইছে অভিনেতাগৰাকীয়ে। টুইটযোগে অভিনেতাগৰাকীক ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

বানত ক্ষতিগ্ৰস্তলৈ সাাহায্য অক্ষয় কুমাৰৰ
বানত ক্ষতিগ্ৰস্তলৈ সাাহায্য অক্ষয় কুমাৰৰ

১৮আগষ্ট, নিউজ ডেস্কঃ বিধ্বংসী বানে ঘৰ-মাটি বিধ্ৱস্ত কৰাৰ পিছত দিক-বিদিক হেৰুওৱা অসমৰ ৰাইজলৈ আৰ্থিক সাহায্য আগবঢ়াইছে বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে। বানত ক্ষতিগ্ৰস্তলৈ ১ কোটি টকাৰ সাাহায্য আগবঢ়াইছে অভিনেতাগৰাকীয়ে। বিপদৰ সময়ত সহানুভূতি দেখুৱাই ৰ্আতজনৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে অভিনেতা অক্ষয় কুমাৰে।

অভিনেতাগৰাকীৰ সহযোগিতাৰ শলাগ লৈ টুইটযোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধন্যবাদ জ্ঞাপন কৰিছে । বৰ্তমান স্কটলেণ্ডত ছবিৰ শ্বুটিঙত ব্যস্ত হৈ আছে অক্ষয় কুমাৰ । উল্লেখ্য যে, প্ৰলয়ংকাৰী বানত অসমৰ ধেমাজি, লখিমপুৰ, বাক্সাকে ধৰি বিভিন্ন জিলাৰ হাজাৰ-হাজাৰ লোক প্ৰভাৱিত হৈছিল । আপোন ঘৰখন বান-খহনীয়াত জাহ যোৱাত গৃহহীন হৈ পৰিছিল বহু পৰিয়াল । শেহতীয়াকৈ বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে আগবঢ়োৱা সাহায্যই যথেষ্ট সকাহ দিব অসমৰ ৰাইজক ।

ABOUT THE AUTHOR

...view details