অসম

assam

ETV Bharat / bharat

নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি উত্তপ্ত অৰুণাচল প্ৰদেশ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি সমগ্ৰ ইটানগৰত জোৰ সমদল কৰে অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় ছাত্ৰ সংগঠনে ৷ ৰাজ্যখনৰ ৰাজধানী ইটানগৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা দাহ কৰে ছাত্ৰ সংগঠনটোৱে আৰু কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়কখন মানি নলবলৈ আহ্বান জনাই সাধাৰণ জনতাক ৷

By

Published : Nov 26, 2019, 10:15 AM IST

Updated : Nov 26, 2019, 5:24 PM IST

Arunachal Pradesh on fire over CAB
নাগৰিকত্ব সংশোধনী বিধেয়ক লৈ উত্তপ্ত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়

তেজপুৰ, 26 নবেম্বৰ: অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় ছাত্ৰ সংগঠনে সোমবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি সমগ্ৰ ইটানগৰত জোৰ লৈ সমদল বাহিৰ কৰে ৷ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংগঠনৰ নেতৃত্বত ৰাজধানী ইটানগৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা দাহ কৰে ৷ ছাত্ৰ সংগঠনটোৱে কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়কখন মানি নল'বলৈ আহ্বান জনাই সাধাৰণ জনতাক ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক লৈ উত্তপ্ত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়

উল্লেখযোগ্য যে,যোৱা 23 নৱেম্বৰ তাৰিখে ৰাজ্যখনৰ অন্যতম ছাত্ৰ সংগঠন আপচুৱে ইটিভি ভাৰতৰ লগত হোৱা এক সাক্ষাৎকাৰত এই বিধেয়ক মানি লোৱা নহ'ব বুলি দাবী জনোৱাৰ পিছতে একে দিনাই নিশা ৰাজ্যখনৰ বিধানসভাৰ অধ্যক্ষ পিডি সোনাই অন্য এক সাক্ষাৎকাৰত ইটিভি ভাৰতৰ আগত মন্তব্য কৰিছিল যে,এই বিধেয়কে অৰুণাচল প্ৰদেশত কোনো বিশেষ প্ৰভাৱ নেপেলাই ৷ এতিয়া লক্ষ্যণীয় হ'ব পেমা খাণ্ডু নেতৃত্বাধীন চৰকাৰে কি দৰে পূৰ্বৰ আলোচনা বাহাল ৰাখে সাধাৰণ ৰাইজ তথা ছাত্ৰ সংগঠনৰ লগত ৷

লগতে পঢ়ক: ভাৰতবৰ্ষৰ সংবিধান পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ: ETV BHARATৰ আছুতীয়া সাক্ষাৎকাৰত তৰুণ গগৈ

Last Updated : Nov 26, 2019, 5:24 PM IST

ABOUT THE AUTHOR

...view details