অসম

assam

By

Published : Apr 18, 2020, 8:10 PM IST

ETV Bharat / bharat

লক ডাউনৰ ফলত শাক পাচলিৰ অভাৱ হোৱাৰ সম্ভাৱনা অৰুণাচল প্ৰদেশত

শাক পাচলিৰ অভাৱৰ বিষয়টো পৰ্যালোচনাৰ বাবে অৰুণাচল প্ৰদেশৰ জিলা উপায়ুক্ত সকলক নিৰ্দেশ । পৰিবহনৰ অভাৱত অসমৰ পৰা শাক পাচলিৰ আমদানি বন্ধ হোৱাৰ বাবেই এই নাটনি ৰাজ্যখনত ।

ETV BHARAT
লক ডাউনৰ ফলত শাক পাচলিৰ অভাৱ হোৱাৰ সম্ভাৱনা অৰুণাচল প্ৰদেশত

নেশ্যনেল ডেস্ক, ১৮ এপ্ৰিলঃ অৰুণাচল প্ৰদেশৰ ৰাজ্যিক কৃষি বিভাগে দেশব্যাপী চলি থকা লক ডাউনৰ ফলত বজাৰসমূহত হোৱা শাক পাচলিৰ অভাৱৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যখনৰ সকলো জিলাৰে উপায়ুক্ত সকলক,কৃষি উৎপাদন বিপণন সমিতিৰ গতিবিধি সমীক্ষা কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে ।

লক ডাউনৰ ফলত শাক পাচলিৰ অভাৱ হোৱাৰ সম্ভাৱনা অৰুণাচল প্ৰদেশত

জিলা উপায়ুক্তসকলে প্ৰেৰণ কৰা এখন পত্ৰত কৃষি আৰু উদ্যান সচিব বিডল টায়েঙে কয় যে,পৰিবহনৰ অভাৱত অসমৰ পৰা শাক পাচলিৰ আমদানি বন্ধ হৈ যোৱাৰ ফলত ৰাজ্যখনত এই অভাৱ দেখিবলৈ পোৱা গৈছে ।

পত্ৰখনত কোৱা হৈছে যে,যদিহে অধিক পৰিমাণে শাক-পাচলি কোনো জিলাত মজুত আছে তেতিয়াহ'লে সেইখিনিক জিলা এপিএমচিৰ মাজেৰে ৰাজধানীলৈ পঠিয়াব লাগে ।

প্ৰায় 100 মেট্ৰিক টন আলু বান্দৰদেৱা আৰু পাপুম পাৰেত মজুত আছে বুলি পত্ৰ খনত উল্লেখ কৰে ।

অৰুণাচল প্ৰদেশৰ কৃষি বিপণন বৰ্ড(APAMB)ৰ মুখ্য পৰিচালন সঞ্চালক অকিড পল্লিঙক APMCৰ নোডেল অফিচাৰ হিচাপে নিয়োগ কৰা হৈছে ।

লগতে পঢ়কঃCOVID-19 য়ে শিশুৰ জীৱনত ধংসাত্মক প্ৰভাৱ বিস্তাৰ কৰিছে : UNICEF

ABOUT THE AUTHOR

...view details