অসম

assam

ETV Bharat / bharat

২০০ টকাৰ বিনিময়ত ভাৰতলৈ আহিব পাৰে অবৈধ নাগৰিক - etv bharat

আৰক্ষীৰ জালত পৰি জম্মু-কাশ্মীৰৰ সৈতে সম্পৰ্ক সন্দৰ্ভত মুখ খুলিলে অবৈধ নাগৰিকে

২০০ টকাৰ বিনিময়ত ভাৰতলৈ আহিব পাৰে অবৈধ নাগৰিক

By

Published : Feb 12, 2019, 7:39 AM IST

শিলচৰ, ১২ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ চলি থকা বিতৰ্কৰ মাজতে অসম আৰক্ষীৰ জালত পৰিল অবৈধ বিদেশী নাগৰিক। দেওবাৰে শিলচৰৰ পৰা স্থানীয় ৰাংগিৰখাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৮ গৰাকীকৈ অবৈধ নাগৰিকক। শিলচৰ আৰক্ষীয়ে আন্তঃৰ্জাতিক মানৱ সৰবৰাহকাৰী চক্ৰৰ সৈতে জড়িত ছাইদুৰ ইছলাম বৰভূঞাৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে লোককেইজনক ।

২০০ টকাৰ বিনিময়ত ভাৰতলৈ আহিব পাৰে অবৈধ নাগৰিক

শিলচৰৰ সোনাপাৰি ঘাট বাইপাছৰ ছাইদুৰ ইছলাম বৰভূঞাৰ ঘৰৰ পৰা ৰাংগিৰখাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উত্‍পল চন্দৰ নেতৃত্বত যোৱা তদন্তকাৰী দলে গ্ৰেপ্তাৰ কৰে লোককেইজনক। উল্লেখ্য যে, এক আন্তৰ্জাতিক মানৱ সৰবৰাহকাৰী চক্ৰৰ সৈতে জড়িত ছাইদুৰ ইছলাম বৰভূঞা।


আৰক্ষীৰ জেৰাত গ্ৰেপ্তাৰ হোৱা অবৈধ নাগৰিক আমিৰ খানে ১৫ বছৰ পূৰ্বে মাত্ৰ দুশ টকাৰ বিনিময়ত এজেন্টৰ জড়িয়তে ভাৰতত প্ৰৱেশ কৰিছিল সেয়া ব্যক্ত কৰে। ভাৰতত প্ৰৱেশ কৰাৰ পিচতে বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি পাছপোৰ্ট, আধাৰ কাৰ্ডৰ দৰে ভূৱা নথি পত্ৰ বনোৱা কামত নিয়োগ হৈছিল। কেৱল এয়াই নহয়, জম্মু-কাশ্মীৰৰ আব্দুল হামিদ নামৰ এগৰাকী ব্যক্তিৰ সৈতে সম্পৰ্ক থকাৰ কথাও উল্লেখ কৰে আমিৰে। আব্দুল হামিদৰ নেতৃত্বত আমিৰ খানে বাংলাদেশৰ পৰা ৰোহিংগীয়া যুৱকক ভাৰতত প্ৰৱেশ কৰাইছিল।

গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ ভিতৰত ৬গৰাকী মহিলা আৰু ২ গৰাকী পুৰুষ। ইয়াৰে ৭ গৰাকী ৰোহিঙ্গিয়া নাগৰিক হোৱাৰ বিপৰীতে এগৰাকী বাংলাদেশী নাগৰিক। ধৃত মহিলাকেইগৰাকীক জম্মু কাশ্মীৰ, মনিপুৰ আৰু দিল্লীলৈ চালান দিবৰ বাবে বৰভূঞাৰ ঘৰত ৰখা হৈছিল। আৰক্ষীৰ জালত পৰা অবৈধ নাগৰিককেইগৰাকীক সোধপোচৰ বাবে সোমবাৰে জিলা ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰোৱা হয়। পৰৱৰ্তী সময়ত আদালতে ৩ গৰাকী অবৈধ নাগৰিকক ৩ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।

For All Latest Updates

ABOUT THE AUTHOR

...view details