অসম

assam

ETV Bharat / bharat

বিদ্যালয়ৰ কোঠালিত নিশা কটালে অৰ্ণৱ গোস্বামীয়ে - আলীবাগ কাৰাগাৰ

এগৰাকী ইন্টীৰিয়ৰ ডিজাইনাৰৰ আত্মহত্যাৰ সংক্ৰান্তত বুধবাৰে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত প্ৰথম নিশা অৰ্ণৱ গোস্বামীয়ে এখন স্থানীয় বিদ্যালয়ৰ কোঠালিত কটাবলগীয়া হয় ৷

Arnab spends night at school designated jail's COVID-19 centre
বিদ্যালয়ৰ কোঠালিত নিশা কটালে অৰ্ণৱ গোস্বামীয়ে

By

Published : Nov 5, 2020, 5:05 PM IST

নিউজ ডেস্ক, 5 নৱেম্বৰ: এগৰাকী ইন্টীৰিয়ৰ ডিজাইনাৰৰ আত্মহত্যাৰ সংক্ৰান্তত বুধবাৰে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত প্ৰথম নিশা অৰ্ণৱ গোস্বামীয়ে এখন স্থানীয় বিদ্যালয়ৰ কোঠালিত কটাবলগীয়া হয় ৷ কাৰণ উক্ত বিদ্যালয়খন আলীবাগ কাৰাগাৰৰ ক‘ভিড-19 কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে ৷ মহাৰাষ্ট্ৰৰ ৰায়গঢ় জিলাৰ আলীবাগৰ এখন আদালতে বুধবাৰে অৰ্ণৱ গোস্বামী আৰু অন্য দুজন অপৰাধীক 2018 চনত আত্মহত্যাৰ বাবে উচতনি দিয়াৰ অপৰাধত 18 নৱেম্বৰলৈকে ন্যায়িক জিম্মাত প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, আৰক্ষীয়ে আদালতৰ পৰা সাংবাদিক জনক 14 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণৰ আহ্বান জনাইছিল ৷ বুধবাৰে নিশা গোস্বামীক স্বাস্থ্য পৰীক্ষাৰ বাবে চহৰৰে এখন চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ স্বাস্থ্য পৰীক্ষাৰ পাছতে তেখেতক আলীবাগ নগৰ পৰিষদ স্কুললৈ লৈ যোৱা হয় য‘ত তেখেতে নিশাটো কটায় ৷

লগতে পঢ়ক:পেৰিছ জৈৱ বৈচিত্ৰ্য চুক্তিৰ পৰা অব্যাহতি ল'লে আমেৰিকাই

ABOUT THE AUTHOR

...view details