কুৰ্নুল, 5 আগষ্ট:এইবাৰ ধৰ্ষণৰ বিৰুদ্ধে সৰৱ হৈছে বিজেপি নেতা ৰামচন্দৰ নাইক ৷ অন্ধ্ৰপ্ৰদেশ বিজেপিৰ উপাধ্যক্ষ তথা অনুসূচিত জাতি-জনজাতি মৰ্চাৰ দায়িত্বত থকা নেতাগৰাকীয়ে একাংশ দলীয় নেতা-কৰ্মীৰ সৈতে এত্মাদপুৰ চহৰস্থিত উপ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰদৰ্শন কৰে বিক্ষোভ ৷ বিজেপি নেতাগৰাকীয়ে ৰাজ্যখনত সংঘটিত এক ধৰ্ষণৰ ঘটনাত আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ বিৰুদ্ধে এই বিক্ষোভ প্ৰদৰ্শন কৰে ৷ উক্ত বিক্ষোভত অংশগ্ৰহণ কৰা বিজেপিৰ কুৰনুল জিলাৰ অধ্যক্ষ লক্ষ্মীকান্ত ৰেড্ডীয়ে এই প্ৰসংগত বেলুগোড্ডুৰ উপ-নিৰীক্ষক ৰাজা ৰেড্ডীয়ে সত্তাৰুঢ় দলৰ হকে কাম কৰি ধৰ্ষণ কাণ্ডটোক গাপ দিবলৈ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰে ৷
উল্লেখ্য যে, বিগত শুকুৰবাৰে বেলুগোড্ডুৰ এগৰাকী আদিবাসী মহিলাৰ সৈতে এই দলবদ্ধ ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে সোমবাৰে স্থানীয় আৰক্ষী চকীত দাখিল কৰিছে এক এজাহাৰ ৷ কিন্তু ভুক্তভোগীৰ পৰিয়ালবৰ্গই দাবী উত্থাপন কৰা অনুসৰি আৰক্ষীয়ে এই ঘটনা সম্পৰ্কত সম্পূৰ্ণৰূপে নীৰৱ ভূমিকা পালন কৰিছে ৷ অভিযোগ অনুসৰি, ধৰ্ষণকাণ্ড জড়িত অভিযুক্তসকলে প্ৰথমে মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰি স্বামীক মাৰপিট কৰি মহিলাগৰাকীৰ সৈতে অনৈতিক কৰ্মত লিপ্ত হয় ৷