অসম

assam

ETV Bharat / bharat

সাংবাধানিক সুৰক্ষা প্ৰদানক লৈ অমিত শ্বাহৰে বৈঠক মুখ্যমন্ত্ৰীৰ - অসমৰ খিলঞ্জীয়া লোকক সাংবাধানিক সুৰক্ষা

শুকুৰবাৰে অনুষ্ঠিত এই বৈঠকখনত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ বৈঠকত অসমৰ স্থানীয় লোকক সাংবিধানিক সুৰক্ষা প্ৰদানৰ বিষয়ক লৈ এক গুৰুত্বপূৰ্ণ এক আলোচনা হয় ৷

অমিত শ্বাহৰ বৈঠক
অমিত শ্বাহৰ বৈঠক

By

Published : Jan 10, 2020, 12:57 PM IST

নিউজ ডেস্ক, 10 জানুৱাৰী:প্ৰতিবেদন অনুসৰি শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এখন বৈঠকত মিলিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বৈঠকত অসমৰ স্থানীয় লোকক সাংবিধানিক সুৰক্ষা প্ৰদানৰ বিষয়ে আলোচনা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ৷ এই বৈঠকত উপস্থিত আছিল অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ৷ অসমৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আয়োজিত হয় এই বৈঠক ৷

বৈঠকত আলোচিত মুখ্য বিষয় আছিল যে,অসমৰ খিলঞ্জীয়া লোকসকলৰ মাজত থকা ধাৰণা মতে এই নতুন আইনখনে অসমৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰত থকা খিলঞ্জীয়াৰ অধিকাৰক খৰ্ব কৰিব ৷ অসম চুক্তিৰ 6নং দফাত অসমীয়া লোকক সাংবিধানিক সুৰক্ষা দিয়াৰ কথা উল্লেখ আছে ৷

আন এগৰাকী কৰ্মকৰ্তাই জনোৱা অনুসৰি,সৰ্বানন্দ সোণোৱালে অহা সপ্তাহত সম্বোধন কৰা বিধানসভাৰ এক বিশেষ অধিবেশনত খিলঞ্জীয়া লোকৰ কল্যাণৰ হকে বিশেষ ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে, CAA অনুসৰি 2014 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ভাৰতলৈ ধৰ্মীয় অত্যাচাৰৰ সন্মুখীন হৈ অহা শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ'ব ৷

লগতে চাওকঃতেজপুৰত আছুৰ নেতৃত্বত ৰাইজৰ আন্দোলন

ABOUT THE AUTHOR

...view details