অসম

assam

ETV Bharat / bharat

দেশৰ আভ্যন্তৰীণ সুৰক্ষাক লৈ তৎপৰ অমিত শ্বাহ আৰু তেওঁৰ টীম - মহানিৰ্দেশক

দেশৰ আভ্যন্তৰীণ সুৰক্ষাক লৈ খুবেই তৎপৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ ইতিমধ্য়েই মোডী চৰকাৰে ৰাষ্ট্ৰীয় সুৰক্ষা সংস্থাসমূহত ব্যাপক সালসলনি সংঘটিত কৰিছে ৷ শেহতীয়াকৈ দেশৰ গৃহ বিভাগৰ দায়িত্ব হাতত লৈয়ে নিজৰ ক্ষমতা প্ৰদৰ্শন কৰাৰ লগতে আভ্যন্তৰীণ সুৰক্ষা সুনিশ্চিত কৰাত লাগি পৰিছে গৃহমন্ত্ৰী অমিত শ্বাহ ৷

অমিত শ্বাহ

By

Published : Jul 29, 2019, 7:55 PM IST

নিউজ ডেস্ক, 29 জুলাইঃ দেশৰ আভ্য়ন্তৰীণ সুৰক্ষাক লৈ তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় গৃহবিভাগ ৷ অমিত শ্বাহৰ নেতৃত্বত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত সংঘটিত কৰা হৈছে ব্যাপক সালসলনি ৷ দেশৰ মুখ্য সুৰক্ষা এজেন্সিসমূহকে ধৰি গৃহ বিভাগত নিয়োগ কৰা হৈছে বিশেষ বিষয়া ৷ 1984 চনৰ সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াৰ এটা শক্তিশালী টীমে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নিৰ্দেশত মুখ্য নিৰাপত্তা সংস্থাসমূহৰ দায়িত্ব চম্ভালি লৈছে ৷ শেহতীয়াকৈ দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰালয়ে সীমা সুৰক্ষা বল,চমুকৈ বিএছএফৰ নতুন মহানিৰ্দেশক নিযুক্তি দিয়াৰ তথ্য প্ৰকাশ কৰিছে ৷ সেই অনুসৰি,1984 চনৰ সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ মধ্যপ্ৰদেশ কেডাৰৰ আৰক্ষী বিষয়া ভি কে জোহৰী বাহিনীটোৰ সৰ্বাধিনায়ক পদত নিযুক্ত হ'ব ৷ বৰ্তমানে ভাৰতীয় চোৰাংচোৱা সংস্থা ৰিচাৰ্ছ এণ্ড এনালাইজিং উইঙৰ বিশেষ সচিবৰূপে কৰ্মৰত হৈ আছে বিষয়াগৰাকী ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে 1984চনৰ আই পি এছ বিষয়া এ কে ভাল্লাক গৃহ মন্ত্ৰালয়ৰ বিশেষ দায়িত্ববাহী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল আৰু অহা ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহত দেশৰ গৃহ সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰিব ৷

দেশৰ আভ্যন্তৰীণ সুৰক্ষাক লৈ তৎপৰ অমিত শ্বাহ আৰু তেঁওৰ টীম

দেশৰ ভিতৰতে গৃহ মন্ত্ৰালয়ৰ এইটো দল হ'ব অন্যতম শক্তিশালী যিটো দলৰ আটাইকেইগৰাকী শীৰ্ষ বিষয়া 1984চনৰ সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ৷ বিশেষকৈ ৰিচাৰ্ছ এণ্ড এনালাইজিং উইং, ইন্টেলিজেন্স ব্যুৰো,নেশ্বনেল ইনভেষ্টিগেশ্বন এজেন্সি,নেশ্বনেল ছিকিউৰিটী গাৰ্ড, চি আৰ পি এফ,এছ এছ বি,আই টি বি পি,বি এছ এফ আৰু চি আই এছ এফকে ধৰি কেন্দ্ৰীয় গৃহ বিভাগৰ বিশেষ দায়িত্বত থকা বহুকেইগৰাকী বিষয়া 1984 চনৰ আইপিএছ বিষয়া ৷ আনহাতে এই তালিকাত থকা একমাত্ৰ কনিষ্ঠ বিষয়াগৰাকী হৈছে 2009 চনৰ বিহাৰ কেডাৰৰ সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ছাকেট কুমাৰ ৷ ছাকেট কুমাৰে শ্বাহৰ ব্যক্তিগত সচিব হিচাপে দায়িত্ব পালন কৰি আছে ৷

শ্বাহৰ টীমত থকা এইসকল বিষয়া হৈছে, শৈলেছ ( সচিব,চৰকাৰী ভাষা),বি আৰ শৰ্মা (সচিব,সীমা ব্যৱস্থাপনা),এ পি মাহেশ্বৰী,(বিশেষ সচিব, আভ্যন্তৰীণ সুৰক্ষা),জ্ঞানেশ কুমাৰ(অতিৰিক্ত সচিব,জম্মু-কাশ্মীৰ) প্ৰভীন বশিষ্ঠা (যুটীয়া সচিব,নক্সাল অধ্যুষিত অঞ্চল),সৈতেন্দ্ৰ গাৰ্গ ( যুটীয়া সচিব,উত্তৰ-পূব),পূন্য শলিল শ্ৰীবাস্তৱ (মহিলা সুৰক্ষা),যোগেশ চন্দ্ৰ মোডী (মহানিৰ্দেশক,নিয়া),ৰাজীৱ ৰায় ভাটনাগৰ( মহানিৰ্দেশক, চি আৰ পি এফ), কুমাৰ ৰাজেশ চন্দ্ৰা (মহানিৰ্দেশক,এছএছবি),ৰাজেশ ৰঞ্জন( মহানিৰ্দেশক,চিআইএছএফ),সুৰজিৎ সিং দেশৱাল (মহানিৰ্দেশক আইটিবিপি) সুদীপ লাখটকীয়া(মহানিৰ্দেশক,এনএছজি) অন্যতম ৷

ABOUT THE AUTHOR

...view details