অসম

assam

ETV Bharat / bharat

হজযাত্ৰীক এমাহৰ ভিতৰত টকা ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি হজ কমিটিৰ - হজযাত্ৰী

বুধবাৰে হজ কমিটিৰ প্ৰধান নিৰ্বাহী মকচুদ আহমেদ খানে ইটিভি ভাৰতক জনোৱা অনুসৰি, বাতিল হোৱা ২০২০ বৰ্ষৰ হজ যাত্ৰী সকলৰ টকা এমাহৰ ভিতৰতে ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে । সংখ্যালঘু বিষয়ক মন্ত্ৰী মুখতাৰ আব্বাছ নকভায়ে জনাই যে, চলিত বৰ্ষত কোভিড-১৯ ৰ বাবে ভাৰতৰ হজযাত্ৰা বাতিল কৰিছে ।

all-pilgrims-to-get-full-refund-within-a-month-haj-committee-of-india
all-pilgrims-to-get-full-refund-within-a-month-haj-committee-of-india

By

Published : Jun 24, 2020, 10:03 PM IST

নিউজ ডেস্ক, ২৪ জুন : বুধবাৰে হজ কমিটিৰ প্ৰধান নিৰ্বাহী মকচুদ আহমেদ খানে ইটিভি ভাৰতক জনোৱা অনুসৰি, বাতিল হোৱা ২০২০ বৰ্ষৰ হজ যাত্ৰী সকলৰ টকা এমাহৰ ভিতৰতে ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।

সংখ্যালঘু বিষয়ক মন্ত্ৰী মুখতাৰ আব্বাছ নকভায়ে জনাই যে, চলিত বৰ্ষত কোভিড-১৯ ৰ বাবে ভাৰতৰ হজযাত্ৰা বাতিল কৰিছে ।

আবেদনকাৰী হজযাত্ৰীক এমাহৰ ভিতৰত টকা ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি হজ কমিটিৰ

হজ কমিটিৰ প্ৰধান নিৰ্বাহী মকচুদ আহমেদ খানে জনোৱা অনুসৰি, আবেদনকাৰী সকলক বেংক একাউন্টত এমাহৰ ভিতৰতে টকা উভতাই দিব বুলি উল্লেখ কৰে । লগতে তেওঁ জনাই যে, চলিত বৰ্ষত ২৩০০ তকৈ অধিক মহিলাই হজযাত্ৰাৰ বাবে আবেদন জনাইছিল আৰু এই আবেদনৰ ভিত্তিত ২০২১ বৰ্ষত তেওঁলোকক হজযাত্ৰালৈ প্ৰেৰণ কৰা হ'ব ।

ইতিমধ্যে চলিত বৰ্ষত সৰ্বমুঠ ২,১৩,০০০ লোকে হজযাত্ৰাৰ বাবে আবেদন কৰিছিল আৰু এই সকলোকে সম্পূৰ্ণ ধন উভতাই দিব বুলি উল্লেখ কৰে ।

উল্লেখযোগ্য যে, চৌদি আৰবৰ তাহেৰ বেন্টনে টেলিফনিক বাৰ্তালাপৰ জৰিয়তে চলিত বৰ্ষত হজযাত্ৰীক চৌদি আৰবলৈ পঠাবলৈ মানা কৰিছে ।

চৌদি আৰবে সোমবাৰে জনাই যে, কোভিড-১৯ ৰ সংক্ৰমণৰ বাবে চলিত বৰ্ষত আন্তঃৰাষ্ট্ৰীয় যাত্ৰী সকলক হজত অংশগ্ৰহণ কৰিবলৈ অনুমতি প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এক বিবৃতি যোগে দেশ খনে প্ৰকাশ কৰিছিল এই তথ্য ।

লগতে পঢ়ক : ২২৯ গৰাকী যাত্ৰীক লৈ মেলবৰ্ণৰ পৰা ভাৰতলৈ ৰাওণা এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমান

ABOUT THE AUTHOR

...view details