নিউজ ডেস্ক, ২৭ জুলাইঃবলিউড অভিনেতা অক্ষয় কুমাৰ,ছাৰা আলী আৰু ধনুশৰ আহিবলীয়া ছবি "অতৰংগী ৰে" ৰ দৃশ্য গ্ৰহণ অক্টোবৰৰ মাহৰ পৰা পুনৰ আৰম্ভ কৰিব বুলি সদৰি কৰে। আনন্দ লে ৰায় পৰিচালনাত মডুৰাই,দিল্লী আৰু মুম্বাইত দৃশ্য গ্ৰহণৰ কাম আৰম্ভ হ'ব বুলিও জানিবলৈ দিয়ে ।
ৰায় কয় যে,লক ডাউনৰ বাবে মই "অতৰংগী ৰে"ৰ আগন্তুক দৃশ্য গ্ৰহণৰ সময়সূচীৰ প্ৰস্তুতিৰ বাবে অধিক সময় হাতত লৈছো । মই সচাকৈ পৰৱৰ্তী দৃশ্য গ্ৰহণৰ বাবে উৎসাহিত হৈ আছো । আগন্তুক অক্টোবৰ মাহৰ পৰা মাদুৰাইত আৰু তাৰ পাচত অক্ষয়ৰ সৈতে দৃশ্য গ্ৰহণ কৰাৰ সম্ভৱনা আছে । দিল্লী আৰু মুম্বাইত ১ মাহৰ বাবে সকলোৱে সুৰক্ষা আৰু সাৱধানতাৰে এই দৃশ্য গ্ৰহণ আৰম্ভ কৰা হ'ব ।