নিউজ ডেস্ক, ১৯ জুলাইঃবায়ুৰ জৰিয়তে মহামাৰী COVID-19ত সংক্ৰমণ হোৱা বুলি ঘোষণা কৰাৰ পাচতে শংকিত হৈ পৰিছে বিশ্ববাসী । বিশ্ব স্বাস্থ্য সংস্থাই বায়ুৰ জৰিয়তে COVID-19ৰ সংক্ৰমণ হয় বুলি তথ্য দাঙি ধৰাৰ উপৰিও এই ভাইৰাছে সকলোকে সংক্ৰমিত কৰিব বুলি জনসাধাৰণক আৰু অধিক সজাগ থাকিবলৈ ঘোষণা কৰে ।
COVID-19 ভাইৰাছবিধ আকাৰত ডাঙৰ বাবেই ৫ মাইক্ৰ'নতকৈ ডাঙৰ বিন্ধাৰ জৰিয়তে ই মানুহৰ দেহত প্ৰৱেশ তথা সংক্ৰমণ হয় বুলি সদৰি কৰে বিশ্ব স্বাস্থ্য সংস্থাই । তাৰোপৰি ৫ মাইক্ৰ'নতকৈ সৰু ভাইৰাছ অত্যাধিক সময়লৈ বায়ুত প্ৰবাহিত হৈ থাকে বুলি বুলিও উল্লেখ কৰে । যাৰ বাবে COVID-19 সংক্ৰমিত ব্যক্তিৰ সম্পৰ্কত অহা ব্যক্তিসকলে অধিক সময়লৈ মাস্ক পৰিধান কৰাটো আৱশ্যক । আৰু তাৰ সমান্তৰালকৈ সামাজিক দূৰত্ব বজাই ৰখাটো সমানেই গুৰুত্ব বুলিও উল্লেখ কৰে বিশ্ব স্বাস্থ্য সংস্থাই ।
বিশ্ব স্বাস্থ্য সংস্থাই সদৰি কৰা অনুসৰি, COVID-19ত আক্ৰান্ত ৰোগীসকলে শ্বাস-প্ৰশ্বাস লোৱাৰ সময়ত কৰ'ণা সংক্ৰমণ হোৱাৰ অধিক আশংকা আছে । COVID-19 আক্ৰান্ত হোৱা ৰোগীৰ পৰা ভাইৰাছ প্ৰায় ৬ ৰ পৰা ৯ ফুট উচ্চতালৈ যোৱাৰ আশংকা কৰিছে বিশেষজ্ঞসকলে ।
আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাই COVID-19ত সংক্ৰমণৰ পৰা বাছি থাকিবলৈ দিয়া উপদেশ কেইটা হৈছে এনেধৰণৰ......
# যিকোনো স্থানতে কোনো লোক একগোট হ'ব নালাগে ।