উন্নাও ধৰ্ষণ কাণ্ডঃ চিকিৎসাৰ বাবে 5 জনীয়া জেষ্ঠ চিকিৎসকৰ দল নিয়োগ - UNNAO RAPE CASE
2017 চনত সংঘটিত হোৱা এই ধৰ্ষণ কাণ্ডত সাঙুৰ খাই পৰিছিল বিজেপি বিধায়ক কুলদিপ সিং চেঙগৰৰ নাম ৷ 2017ৰ জুন মাহৰ 4 তাৰিখে কাম বিচাৰি চেঙগৰৰ ঘৰলৈ গৈছিল ভুক্তভোগী ৷ 1 আগষ্টত চেঙগৰক দলৰ পৰা বহিস্কাৰ কৰা হৈছিল ৷ শেহতীয়া বাতৰি অনুযায়ী ভুক্তভোগীৰ অধিবক্তাকো লক্ষ্ণৌস্থিত কেজি এম ইউৰ পৰা এইমচলৈ অনা হৈছে ৷
নিউজ ডেস্ক,6 আগষ্টঃ সোমবাৰে নিশা উন্নাও ধৰ্ষণ কাণ্ডৰ ভুক্তভোগীক লক্ষ্ণৌৰ পৰা এয়াৰ এম্বুলেঞ্চযোগে এইমচত ভৰ্ত্তি কৰোৱাৰ পিছতে 5 জনীয়া জেষ্ঠ চিকিৎসকৰ দল এটা ভুক্তভোগী গৰাকীৰ নিৰীক্ষণৰ বাবে নিয়োগ কৰা হৈছে ৷ সোমবাৰে নিশা গঠন কৰা হৈছিল বিশেষজ্ঞ চিকিৎসকৰ দলটো ৷ এইমচ কৰ্তৃপক্ষই এক প্ৰেছ বিবৃত্তি যোগে প্ৰকাশ কৰে যে লক্ষ্ণৌস্থিত কে জি এম ইউ (King George Medical University)ৰ পৰা এইমচলৈ অনা ভুক্তভোগীৰ অৱস্থা শোচনীয় হৈ থকা বাবে তেওঁক Life Supportত ৰখা হৈছে বুলি জানিবলৈ দিয়ে ৷