নেশ্যনেল ডেস্ক, 20 আগষ্ট:মঙলবাৰে নিশা 10:30 মান বজাত আগ্ৰাৰ ৰায়ভা টোল প্লাজাৰ সমীপৰ পৰা যাত্ৰীসহ দুৰ্বৃত্তই হাইজেক কৰে এখন বাছ ৷ প্ৰথমে ফাইনেঞ্চ কৰ্মী বুলি বাছখনত প্ৰৱেশ কৰে একাংশ লোকে ৷ কাৰৰ সহায়ত বাছখনক অভাৰটেক কৰি বাছখনক হাইজেক কৰে দুৰ্বৃত্তই ৷ বাছখনত মুঠ 34 গৰাকীকৈ যাত্ৰী আছিল বুলি জানিব পৰা গৈছে ৷ বাছখন গুৰুগ্ৰামৰ পৰা মধ্যপ্ৰদেশৰ পন্না অভিমুখে গৈ আছিল ৷
বুধবাৰে পুৱা উত্তৰ প্ৰদেশত আৰক্ষী আৰু দুৰ্বৃত্তৰ মাজত হোৱা এনকাউণ্টাৰৰ পাচত বাছ হাইজেকৰ লগত জড়িত মুখ্য অভিযুক্ত গুৰুতৰভাৱে আহত হয় ৷