নিউজ ডেস্ক, 12 নৱেম্বৰ: কৰ্ণাটকৰ কলাবাৰ্গী জিলাখনৰ চিটাপুৰ তালুকৰ কাল্লুৰ গাঁৱৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক সকলে বিদ্যুৎ যোগান নথকাত টৰ্চলাইট জ্বলায়েই এগৰাকী মহিলাৰ এটি শিশু জন্ম দিয়ে । তথ্য মতে, পিএইচচিটোত নিয়মিতভাবে বিদ্যুৎ যোগান নথকাৰ ফলত ৰোগী বিশেষকৈ গৰ্ভৱতী মহিলাসকলে ইয়াৰ কুফল ভোগ কৰিবলগীয়া হয় ।
শিশুটি প্ৰসৱৰ পাছত ভুক্তভোগী মহিলা সিদ্ধাম্মায়ে কয় যে, মঙ্গলবাৰে তেওঁক পিএইচচিত ভৰ্তি কৰা হৈছিল । তেওঁক প্ৰসুতি গৃহত ৰাখি থোৱাৰ অৱস্থাতে বিদ্যুৎ যোগান বিচ্ছিন্ন হোৱাত চিকিৎসকে টৰ্চলাইট জ্বলাই শিশুটিৰ প্ৰসৱ কৰায় । চিকিৎসালয়খনত জৰুৰীকালীন বিদ্যুৎ যোগানৰ সুব্য়ৱস্থা নথকাত গাঁওখনৰ বাসিন্দাসকলে এই লৈ ক্ষোভ প্ৰকাশ কৰে । সিদ্ধাম্মাৰ আত্মীয় আৰু গাঁওখনৰ বাসিন্দাসকলে স্বাস্থ্য বিভাগক জৰুৰীকালীন সুবিধাসমূহ যোগানৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ।