অসম

assam

ETV Bharat / bharat

এনকেফেলাইটিছত শিশু মৃত্যুৰ ঘটনা দুৰ্ভাগ্যজনক: মোডী - এনকেফেলাইটিছ

এই মহামাৰী নিৰ্মূলৰ বাবে পদক্ষেপ লোৱাৰ আশ্বাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

এনকেফেলাইটিছত শিশু মৃত্যুৰ ঘটনা দুৰ্ভাগ্যজনক: মোডী

By

Published : Jun 26, 2019, 11:15 PM IST


নিউজ ডেস্ক, 26 জুন : বিহাৰৰ একিউট এনকেফেলাইটিত ৰোগত শিশুৰ মৃত্যুৰ ঘটনাক দুখঃজনক আৰু ৰাষ্ট্ৰৰ বাবে লজ্জাজনক আখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ৷

ৰাজ্য সভাত ভাষণ প্ৰসংত মুজফ্ফৰপুৰৰ ঘটনাক দুখঃজনক আখ্যা মোডীৰ৷ এনফেলাইটিত আক্ৰান্ত হৈ শিশু মৃত্যু হোৱাৰ ঘটনাক গুৰুত্বসহকাৰে লৈ কাৰ্যপন্থা হাতত ল'বলৈ বিহাৰ চৰকাৰলৈ নিৰ্দেশ মোডীৰ৷ অতি শীঘ্ৰেই ৰোগ একিউট এনকেফেলাইটিছৰ বিভীষিকা আঁতৰ কৰিবলৈ প্ৰশাসন উঠি-পৰি লাগিছে বুলিও প্ৰকাশ কৰে মোডীয়ে৷

আয়ুস্মান ভাৰত আঁচনিৰ জৰিয়তে এনফেলাইটিছৰ গৰাহত পৰা প্ৰত্যেকজন শিশুৰে স্বাস্থ্যৰ সেৱাৰ বাবে জৰুৰীকালীন ব্যৱস্থা হাতত লোৱা বুলিও প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ উল্লেখ্য যে, বৰ্তমানলৈ বিহাৰৰ মুজফ্ফৰপুৰত এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ নিহত হৈছে 132 টাতকৈও অধিক শিশু৷

ABOUT THE AUTHOR

...view details