অসম

assam

ETV Bharat / bharat

ভাৰতীয় মহিলা বিজ্ঞানীসকলৰ কৃতিত্ব... - ভাৰতীয় মহিলা বিজ্ঞানীসকলৰ কৃতিত্ব

সমতা স্থাপন তথা সমাজৰ পৰা লিংগ বৈষম্য দূৰ কৰাৰ বাবে উদযাপন কৰা হৈছে মহিলাৰ কৃতিত্বসমূহ ৷

ভাৰতীয় মহিলা বিজ্ঞানীসকলৰ কৃতিত্ব...
ভাৰতীয় মহিলা বিজ্ঞানীসকলৰ কৃতিত্ব...

By

Published : Mar 7, 2020, 10:57 PM IST

তেওঁ আমাক অনুপ্ৰেৰণা যোগায়..

সম্পূৰ্ণ বিশ্বতে লিংগ বৈষমতা দূৰ কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰিছে আন্তঃজাতিক নাৰী দিৱস 2020 ৰ মূল বিষয় 'Each for Equal' য়ে ৷ সমতা স্থাপন তথা সমাজৰ পৰা লিংগ বৈষম্য দূৰ কৰাৰ বাবে উদযাপন কৰা হৈছে মহিলাৰ কৃতিত্বসমূহ ৷ এই ক্ষেত্ৰত আমাক গৌৰাম্বিত কৰি তুলিছে ভাৰতীয় মহিলা বিজ্ঞানীয়ে ৷ মহিলা বিজ্ঞানীসকল সকলোৰে বাবে এক অনুপ্ৰেৰণা ..

ভাৰতীয় মহিলা বিজ্ঞানীসকলৰ কৃতিত্ব

আনন্দি গোপালৰাও জোশী:পশ্চিমীয় গোলাৰ্ধৰ ওপৰত মেডিকেল ডিগ্ৰী প্ৰাপক আনন্দি গোপালৰাও জোশী প্ৰথমগৰাকী হিন্দু মহিলা ৷ পুনাত 1865 চনৰ 31 মাৰ্চত আনন্দি গোপালৰাৱে জন্মগ্ৰহণ কৰে ৷

ভাৰতীয় মহিলা বিজ্ঞানীসকলৰ কৃতিত্ব

ইদাৱালেথ কক্কট জানকী আম্মাল: এওঁ এগৰাকী প্ৰসিদ্ধ উদ্ভিদ বিজ্ঞানীৰ লগতে উদ্ভিদ চাইটোল'জিষ্ট আছিল ৷ ইদাৱালেথ কক্কট জানকী আম্মালৰ আনুবংশিক বিবৰ্তন, ফাইট'জিও'গ্ৰাফী আৰু ইথন'বতানীত উল্লেখযোগ্য অৱদান আছে ৷ ইণ্ডিয়ান চাইন্টিষ্ট একাডেমিৰ সদস্য ইদাৱালেথ কক্কট জানকী আম্মাল এগৰাকী পদ্মশ্ৰী বঁটা প্ৰাপক ৷

ভাৰতীয় মহিলা বিজ্ঞানীসকলৰ কৃতিত্ব

কমলা সহোনী: বৈজ্ঞানিক নিয়মানুৱৰ্তিতাত PhD ডিগ্ৰী লাভ কৰা কমলা সহোনী প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল ৷ মুম্বাইস্থিত ইন্সষ্টিটিউট অৱ চাইন্সৰ প্ৰথমগৰাকী মহিলা নিৰ্দেশক হিচাপে অৱসৰ গ্ৰহণ কৰা কমলা সহোনীক ICMR ৰ দ্বাৰা লাইফ টাইম এচিভমেন্ট এৱাৰ্ডেৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷ তেওঁ Prof. CV Raman ৰ প্ৰথমগৰাকী মহিলা শিক্ষাৰ্থী আছিল যি ৰমন ইফেক্টৰ দ্বাৰাও পৰিচিত ৷ বেষ্ট চাইন্টিফিক ৰিচাৰ্চৰ বাবে কমলা সহোনীক ৰাষ্ট্ৰপতি বঁটাও প্ৰদান কৰা হৈছিল ৷

ABOUT THE AUTHOR

...view details