অসম

assam

ETV Bharat / bharat

হায়দৰাবাদত ঘোচ লোৱাৰ অভিযোগত আটক কাৰ্যবাহী অভিযন্তা - কাৰ্যবাহী অভিযন্তা আটক

হায়দৰাবাদৰ সূৰ্যাপেট জিলাত বৃহস্পতিবাৰে ঘোচ লোৱাৰ অভিযোগত এগৰাকী কাৰ্যবাহী অভিযন্তাক আটক কৰে দুৰ্নীতি নিবাৰক শাখাই ৷ এগৰাকী ব্যক্তিৰ পৰা চেক প্ৰেৰণৰ নামত 2.25 লাখ টকাৰ ঘোচ বিচাৰিছিল অভিযন্তা গৰাকীয়ে ৷

ACB nabs official for taking bribe in Hyderabad
হায়দৰাবাদত ঘোচ লোৱাৰ অভিযোগত আটক কাৰ্যবাহী অভিযন্তা

By

Published : Oct 23, 2020, 10:05 AM IST

নিউজ ডেস্ক,23 অক্টোবৰ : বৃহস্পতিবাৰে হায়দৰাবাদৰ সূৰ্যাপেট জিলাত দুৰ্নীতি নিবাৰক শাখা (ACB)ই এগৰাকী কাৰ্যবাহী অভিযন্তাক আটক কৰে ৷ অভিযোগকাৰীৰ পৰা 2.25 লাখ টকা ঘোচ লোৱাৰ অভিযোগত আটক কৰা হয় এন হনুমন্ত ৰাও নাইক নামৰ কাৰ্যবাহী অভিযন্তা গৰাকীক ৷

ঘটনা অনুসৰি,জিলাখনৰ মোপতোলত ৰিয়াচত খান নামৰ এগৰাকী ব্যক্তিৰ পৰা চেক প্ৰেৰণৰ নামত আৰু চেকখন জ্যেষ্ঠ বিষয়াৰ হাতত জমা দিয়াৰ সুযোগ লৈ 2.25 লাখ টকাৰ ঘোচ বিচাৰিছিল অভিযন্তা এন হনুমন্ত ৰাও নাইকে ৷

দুৰ্নীতি নিবাৰক শাখাৰ কৰ্তৃপক্ষই সদৰি কৰা মতে,অভিযুক্ত অভিযন্তা গৰাকী উপ্পলস্থিত ইন্দোৰ ষ্টেডিয়ামত আৱদ্ধ হৈ আছিল ৷ তেওঁৰ দুয়োখন হাতৰ ৰাসায়নিক পৰীক্ষাত তেওঁক দোষী বুলি চিনাক্ত কৰা হৈছে ৷ ইয়াৰোপৰি অভিযুক্ত অভিযন্তা গৰাকীৰ পৰা 2.25 লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে ৷

লগতে পঢ়ক :ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ বেচৰকাৰী সংস্থাৰ নিৰ্দেশক

ABOUT THE AUTHOR

...view details