নিউজ ডেস্ক, 13 ডিচেম্বৰ :কৃষি বিলৰ বিৰুদ্ধে কৃষকৰ আন্দোলন অব্যাহত আছে ৷ পাঞ্জাৱ-হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কৃষক সকলে দিল্লী সীমান্তত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদত বহি পৰিছে ৷ কেন্দ্ৰ চৰকাৰৰ সকলো প্ৰস্তাৱক কৃষক সকলে খাৰিজ কৰিছে ৷ ইয়াৰোপৰিও এই সময়ছোৱাত কেন্দ্ৰ চৰকাৰৰে হোৱা কৃষকৰ কেইবালানি আলোচনা এতিয়াও সিদ্ধান্তত উপনীত নহ'ল ৷
নিজৰ প্ৰাপ্যৰ দাবীত চৰকাৰৰ সৈতে প্ৰত্যক্ষ যুঁজত নামি পৰা কৃষক সকলক হয়তো আজি চৌধুৰী মহেন্দ্ৰ সিং টিকেইতৰ অনুপস্থিতি উপলব্ধি কৰাইছে ৷ কৃষক সকলৰ পক্ষত এক বটবৃক্ষ হৈ থিয় দিয়া চৌধৰী মহেন্দ্ৰ সিং টিকেইত সেই সময়ৰ আছিল যেতিয়া সমগ্ৰ দেশৰ পৰা কৃষক সকল সদায় তেওঁৰ পক্ষত থিয় দিছিল ৷ 80 আৰু 90 ৰ দশকৰ সেই সময়ত চৌধুৰী মহেন্দ্ৰ সিং টিকেইতৰ মুখৰ পৰা চৰকাৰৰ বিৰুদ্ধে হুংকাৰ ওলায়, তেতিয়াই চৰকাৰে ওলোটা ভৰিৰে আহি তেওঁৰ কাষ চাপেহি ৷
স্বাধীনতাৰ পাচত ভাৰতৰ কৃষক ৰাজনীতিৰ তেওঁ আছিল সৰ্বেসৰ্বা ৷ সেই সময়ত দেশৰ বিভিন্ন স্থানত কৃষক সংগঠনৰ সৃষ্টি হয় আৰু কৃষক সকলৰ কেবাগৰাকীও নেতা ওলাই আহে ৷ সময়ৰ সোঁতত তেওলোক সলনি হ‘ল ৷ কিন্তু কেতিয়াও সলনি নহ'ল চৌধুৰী মহেন্দ্ৰ সিং টিকেইত ৷ যাৰ বাবেই হয়তো কৃষক সকলৰ মনত নিজৰ এক পৃথক পৰিচয় বনাবলৈ সক্ষম হৈছিল তেওঁ ৷ কৃষকৰ হিতে কৰিবলগীয়া যিকোনো কাম কৰিবলৈ তেওঁ সাহসেৰে ওলাই আহিছিল আৰু সততাৰে সেই কাৰ্য সম্পাদন কৰিছিল ৷