নিউজ ডেস্ক, 22 আগষ্ট: আজি গণেশ চতুৰ্থী ৷ ভগৱান গণেশৰ নাম মনলৈ আহিলেই উত্তৰাখণ্ডৰ পাতাল ভুৱনেশ্বৰক স্মৰণ কৰা হয় ৷ কিয়নো পিথৌৰাগড় জিলাৰ চূণ আৰু পাথৰেৰে নিৰ্মিত এই পাতাল ভুৱনেশ্বৰত শ্ৰী শ্ৰী গণেশৰ মূৰ্তি স্থাপিত, য’ত ব্ৰহ্মকলমৰ পৰা গণেশৰ মূৰলৈ পবিত্ৰ জল নিগৰি আহে ৷ ভগৱান শিৱ আৰু তেওঁৰ পুত্ৰ গণেশৰ বহু পৌৰাণিক কথা এই গুহাটোৰ সৈতে জড়িত হৈ আছে ৷
লোক কথা অনুসৰি, এই গুহাটো ভগৱান শিৱ সমদ্ধ আৰু গণেশৰ মূৰটো এই গুহাটোত অৱস্থিত ৷ সমুদ্ৰ পৃষ্ঠৰ পৰা 1,350 কিলোমিটাৰ উচ্চতাত আৰু পাতাল ভুৱনেশ্বৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা 160 মিটাৰ দৈৰ্ঘ আৰু 90 মিটাৰ গভীৰলৈ অৱস্থিত গণেশৰ মূৰ্তিটো অৱস্থিত ৷
এই ভুৱনেশ্বৰ গুহাৰ পৰা কেদাৰনাথ, বদ্ৰীনাথ আৰু অমৰনাথৰো দৰ্শন কৰিব পৰা যায় ৷ উল্লেখ্য যে, স্কন্দ পুৰাণত এই গুহাৰ বিস্তৃতি সন্নিবিষ্ট হৈ আছে ৷
মান্যতা অনুসৰি, ভগৱান শিৱৰ ক্ৰোধৰ পাচত ছিঙি দিয়া ভগৱান গণেশৰ মূৰটো এই গুহাটোতে সৰি পৰিছিল ৷ ইয়াৰ পাচত ভগৱান শিৱই পত্নী পাৰ্বতীৰ কথামতে এটা হাতীৰ মূৰ গণেশৰ মূৰত লগাই দিয়ে ৷
পাতাল ভুৱনেশ্বৰ গুহাটোতে ভগৱান শিৱই গণেশৰ প্ৰকৃত কটা মূৰটো ৰাখি থৈছিল বুলিও লোককথা অনুসৰি বিশ্বাস কৰা হয় ৷
স্থানীয় লোকে জানিবলৈ দিয়া মতে, এই গুহাটোত গণেশৰ মূৰটো শিল আকৃতিত উদ্ভৱ হৈছে আৰু তাত 108 টা ব্ৰহ্মকমল চিত্ৰিত কৰা আছে ৷ ইয়াৰ লগতে গণেশৰ মূৰত অমৃতৰ জল পৰি থাকে ৷ মুখ্য জল ভগৱান গণেশৰ মুখত পৰে ৷ ভগৱান শিৱই এই ব্ৰহ্মকমল স্থাপন কৰিছিল বুলি বিশ্বাস কৰা হয় ৷
আনহাতে ইতিহাসে কয় যে, ভগৱান শিৱই এই গুহাত বাস কৰিছিল আৰু সকলোৱে ভগৱানক দৰ্শন কৰিব বুলি পাৰে বুলি পৌৰাণিক কথাত উল্লেখ আছে ৷
প্ৰাচীন মান্যতা অনুসৰি, সূৰ্যবংশৰ ৰজা ঋতুপৰ্ণই ত্ৰেতা যুগত পাতাল ভুৱনেশ্বৰ গুহা দৰ্শন কৰিছিল ৷ কলিযুগত 722 খ্ৰীষ্টাব্দত আদি শংকৰাচাৰ্যই এই গুহাটো ভ্ৰমণ কৰিছিল ৷ ইয়াৰ লগতে শংকৰাচাৰ্যই এই গুহাটোত আধুনিক যুগৰ তীৰ্থযাত্ৰাৰ আৰম্ভণি কৰিছিল ৷ তেওঁ শিৱলিংগটো তামেৰে ঢাকি দিছিল ৷ কাৰণ, এই লিংগটো বহুত উজ্জ্বল আছিল আৰু যিয়ে এইটো স্ব-চাক্ষুৰে প্ৰত্যক্ষ কৰিছিল, তেওঁলোক অন্ধ হৈ পৰিছিল ৷ ইয়াৰ পাচত চান্দ ৰজাসকলেও এই গুহা দৰ্শন কৰিছিল ৷ তেতিয়াৰ পৰাই পাতাল ভুৱনেশ্বৰ গুহাত নিয়মীতভাৱে পূজা-অৰ্চনা আৰু প্ৰসাদ বিতৰণৰ কাম আৰম্ভ হয় ৷
গুহাটোৰ প্ৰৱেশদ্বাৰত ভগৱান নৰসিংহৰ প্ৰতিমূৰ্তি দেখিবলৈ পোৱা যায় ৷ ইয়াৰ অকণমান তলতে বাসুকি নাগৰ আকাৰত এটা পাথৰ অৱস্থিত ৷ এতিয়াও বাসুকি নাগে পৃথিৱীত বসতি কৰি আছে বুলি বিশ্বাস কৰা হয় ৷
পাতাল ভুৱনেশ্বৰৰ দৰ্শনে কাশী, বৈদ্যনাথ আৰু কেদাৰনাথৰ তপস্যাৰো সুফল দিয়ে ৷ শংকৰাচাৰ্যৰ সময়ছোৱাৰ পৰাই 20 টাৰো অধিক প্ৰজন্মই পাতাল ভুৱনেশ্বৰত ধৰ্মীয় অনুষ্ঠান আয়োজন কৰি আছে ৷
স্থানীয় কিংবদন্তিয়ে উল্লেখ কৰা মতে, ৰাজ্যখনত হোৱা প্ৰলয় এই ভুৱনেশ্বৰ গুহাটোৰ জড়িত হৈ আছে ৷ ইয়াৰোপৰি, যদি কোনো লোকে দৈৱ শক্তিৰ উপস্থিতিৰ অভাৱ অনুভৱ কৰে, তেন্তে তেওঁ গুহাটো ভ্ৰমণ কৰা উচিত ৷ কিয়নো এই গুহাটো গুপ্ত-গংগা, ৰামগংগা আৰু সৰজু নদীৰ মাজত অৱস্থিত ৷ সকলো দেৱ-দেৱতাই এই গুহাটোৰ গৰ্ভত ভগৱান শিৱৰ সৈতে সুক্ষ্মৰূপে বাস কৰে বুলি বিশ্বাস কৰা হয় ৷
লগতে পঢ়ক:টেনজিং নৰগে বঁটাপ্ৰাপ্ত গজানন্দ যাদৱক বায়ুসেনাৰ শুভেচ্ছা