নেশ্যনেল ডেস্ক,১১ জানুৱাৰী: দিল্লীত অব্যাহত থকা কৃষক আন্দোলনৰ মাজতে দেওবাৰে তিক্ৰী সীমান্তত নিহত হয় এজন কৃষকৰ । পঞ্জাৱৰ লুণ্ডেৱালা গাঁৱৰ ৬১ বছৰীয়া জগদীশ সিঙৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, সংশোধিত কৃষি আইন বাতিলৰ দাবীত দেশৰ বিভিন্ন ৰাজ্যৰ বিশেষকৈ পঞ্জাৱ, হাৰিয়ানাৰ হাজাৰ হাজাৰ কৃষকে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে । ছেপ্তেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা স্বাৰ্থ বিৰোধী আইন প্ৰত্যাহাৰৰ দাবীৰে এই আন্দোলন চলাই আহিছে । কেন্দ্ৰীয় চৰকাৰৰ তিনিখনকৈ কৃষি আইন বলৱৎ কৰাৰ পিচৰে পৰাই দেশৰ কৃষকসকলে মোডী চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আৰু সেই আইন বাতিলৰ দাবীৰে অধিক সৰৱ হৈ আন্দোলন চলাই আহিছে ।